ডিজিটেল সংবাদ, মানকাচৰ: হাটশিঙিমাৰী ক্ৰিকেট সন্থা আৰু জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা হাটশিঙিমাৰী প্ৰিমীয়াম লীগ সিজন ১ ৰ বুধবাৰে নিশা চূড়ান্ত খেলখন ধুবুৰী গ্লোবেল আৰু ভুৰাকাটা গাঁও পঞ্চায়ত দলৰ মাজত অনুষ্ঠিত হয়। দিবা নৈশ ক্ৰিকেট টুৰ্ণামেণ্টৰ এই চূড়ান্ত খেলত ধুবুৰী গ্লোবেল টচত জয়ী হৈ প্ৰথমে বল কৰাৰ সিদ্ধান্ত লয়। ভুৰাকাটা দল প্ৰথমে বেটিং কৰি নিৰ্দ্ধতিৰ ১০ অভাৱত দুই ইউকেটৰ বিনিময়ত ১৫১ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ধুবুৰী গ্লোবেল ১০ অভাৱৰ অন্তত ৬ উইকেট হেৰুৱাই ৯১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
অন্য খবৰ পঢ়িবলৈ ক্লিক কৰক: কাইলৈৰ পৰা ৰাজ্যত হ'ব পাৰে ধাৰাষাৰ বৰষুণ…
লীগৰ এই চূড়ান্ত খেলত দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে হাটশিঙিমাৰী নিৰ্বাচনী বিষয়া বিভাষ মেধী, জিলা দণ্ডাধীশ কৃতাঞ্জলি কাশ্যপ, ফেকামাৰী আৰু মানকাচৰ খণ্ড উন্নয়ন বিষয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
চূড়ান্ত খেলৰ খিতাপ লাভ কৰা ভুৰাকাটা দলক নগদ ১ লাখ টকা আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হয়। আনহাতে ৰানাৰ্ছ আপ ধুবুৰী গ্লোবেলক নগদ ৫০ হেজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰা হয়। মুঠ ৩২ টা দলৰ মাজত অনুষ্ঠিত এই টুৰ্ণামেণ্টত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ভূৰাকাটা দলৰ ৰুহুল অমিন চূড়ান্ত খেলত মেন অফ দ্যা মেচ, মেন অফ দ্যা টুৰ্ণামেণ্ট আৰু সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ হিচাপে নিৰ্বাচিত হয়। ৰুহুল আমিন কিছুদিন পূৰ্বে জিলা খনৰ কালাপানীত অনুষ্ঠিত হোৱা পূৰ্বাঞ্চল প্ৰিমীয়াম লীগতো শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ দখল কৰিছিল।
আৰু পঢ়ক: দেশৰ দুৰ্দশা…