পেট্ৰল-ডিজেল-ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাটশিঙিমাৰীত জিলা কংগ্ৰেছীৰ উত্তাল প্ৰতিবাদ…

পেট্ৰল-ডিজেল-ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাটশিঙিমাৰীত জিলা কংগ্ৰেছীৰ উত্তাল প্ৰতিবাদ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দেশ তথা ৰাজ্যত পেট্ৰল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশকীয় সামগ্ৰীৰ মুল্য বৃদ্ধিকলৈ শনিবাৰে হাটশিঙিমাৰীত ধাৰাসাৰ বৰষুণৰ মাজতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছ ঘোঁৰাৰ গাড়ীত উঠি হাতে হাতে প্লে'কাৰ্ড লৈ জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদৰ পাছত উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে, বুধবাৰৰ দিনৰ প্ৰায় ১ বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছৰ সভাপতি তথা মানকাচৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ নেতৃত্বত হাটশিঙিমাৰীস্থ মহামায়ানগৰ ৰাজীৱ ভৱনৰ সম্মুখৰ পৰা এক প্ৰতিবাদী দল উলিয়ায়।

প্ৰাক্তন বিধায়ক তথা জিলা সভাপতি গৰাকীয়ে ঘোৰাৰ গাড়ীত উঠি এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে। কংগ্ৰেছৰ প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লগানেৰে জিলাৰ সদৰ হাটশিঙিমাৰীৰ মুল মুল পথ পৰিদৰ্শন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। একেদৰে প্ৰতিবাদকাৰী দলটো এটা সময়ত জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সম্মুখত গৈ কাৰ্যালয়খন ঘেৰাও কৰি বিভিন্ন শ্লগানেৰে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ আকাশ-বতাহ কপাই তোলে।

ধাৰাসাৰ বৰষুণৰ মাজতেই উত্তাল প্ৰতিবাদৰ মাজত জিলা অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুম প্ৰতিবাদকাৰী সকলৰ কাষত উপস্থিত হোৱাত উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ইযাৰ পাছতেই প্ৰতিবাদকাৰী সকল বৰষুণৰ মাজতেই ঘৰাঘৰি হয়। মন কৰিবলগীয়া বিষয় এয়া যে- কংগ্ৰেছ কৰ্মী সকলে এইদৰে প্ৰতিবাদ কৰাৰ সময়ত হঠাত বৰষুণ আৰম্ভ হয় যদিও বৰষুণৰ মাজতেই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰাক্তন বিধায়ক গৰাকীয়ে উত্তাল প্ৰতিবাদ কৰা ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in