Published on:
Updated on:
- হাটশিঙিমাৰীত তিনিজন পশুধন সৰবৰাহকাৰী আটক।
- মঙলবাৰে পুৱতি নিশা দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে সুখচৰৰ পৰা আটক কৰে তিনিজন পশুধন সৰবৰাহকাৰীক।
- সৰবৰাহকাৰী তিনিজন সুখচৰৰ আনোৱাৰ ইছলাম(৩৮), আব্দুৰ ৰহিম আকন্দ(৩৭) আৰু মোছলেম বুলি জনা গৈছে।
- আব্দুৰ ৰহিম আকন্দ নামৰ লোক জন সুখচৰ থানাৰ খয়ৰাৰ মালিক বুলি জানিব পৰা গৈছে।
- উল্লেখ্য যে, ৬ টা ম'হ চোৰাং ভাৱে বিক্ৰী কৰাৰ অভিযোগত সৰবৰাহকাৰী তিনিজনক আটক কৰে আৰক্ষীয়ে।
- অধিক তথ্যৰ বাবে সৰবৰাহকাৰী তিনি জনক জেৰা অব্যাহত ৰাখিছে জিলা আৰক্ষীয়ে।
- ইতিমধ্যে তিনিওজনৰ বিৰুদ্ধে সুখচৰ থানাত গোচৰ ৰুজু হৈছে বুলি আৰক্ষীৰ সূত্ৰে জনা গৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in