/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/0f85b89b-01ca-45b4-bc6a-0370d96c97d5/frggg.jpg)
হত্যাৰ বলি হোৱা জাভেদ আলী
ডিজিটেল ডেস্কঃ হাতীগাঁও ফেণ্ডছ পথৰ হত্যাকাণ্ডৰ অভিযুক্তক গ্রেপ্তাৰ। ৪ অভিযুক্তক গ্রেপ্তাৰ কৰিছে হাতীগাঁও আৰক্ষীয়ে।
গ্ৰেপ্তাৰ কৰা কেইজন- বাঘবৰৰ অন্যতম অভিযুক্ত দাৰুগ আলী,ভাটকুছিৰ মহিবুল ইছলাম , হাছু ওৰফে নুৰ মহম্মদ আৰু তেতেলীতলৰ পৰা গ্রেপ্তাৰ চালক বগা। অভিযোগ অনুসৰি এইকেইজনে মিলি ফেণ্ডছ পথত হত্যা কৰিছিল জাবেদ আলী আহমেদক।
উল্লেখ্যে যে, ২৭ জুলাইৰ পুৱা গুৱাহাটীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। উদ্ধাৰ হৈছিল জাবেদ আলী আহমেদৰ মৃতদেহ। জলসিঞ্চন বিভাগৰ অৱসৰ মুখ্য অভিযন্তা আছিল আহমেদ। ফ্রেণ্ডছ নগৰ জামে মছজিদৰ সভাপতিও আছিল তেওঁ। পুৱতি নিশা নামাজৰ বাবে মছজিদলৈ ওলাই যোৱাৰ পাছতে এই নৃশংস ঘটনা সংঘটিত হৈছিল।
অৱশ্যে কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
Also Read: মুখ্যমন্ত্ৰীয়ে গৌৰৱ কৰা অসম আৰক্ষী এৰিছে এজনৰ পাছত আনজন IPS বিষয়াই