/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/harsabardhan.jpg)
ডিজিটেল সংবাদ,ৱাখাঃ দশকজোৰা প্ৰত্যাশাৰৰ অন্তত ইষ্টাৰ্ণ নাগালেণ্ডৰ মন জিলাত অহা ২৬ ফেব্ৰুৱাৰীত নাগালেণ্ডৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। জানিব পৰামতে কেন্দ্ৰীয় পৰিয়াল কল্যাণ আৰু স্বাস্থ্যমন্ত্ৰী হৰ্ষবধনে নতুন দিল্লীৰ পৰা আহি পুৱা দহ বজাত মনত জিলাত মন চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰ শিলা স্থাপন কৰিব।
উল্লেখযোগ্য যে নাগালেণ্ড চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী এছ পংগু ফমে যোৱা বছৰ মন জিলা চিকিৎসায়লক মেডিকেল কলেজলৈ উন্নতি সাধনত মঞ্জুৰি প্ৰদান কৰিছিল। ইয়াৰ পিছত ২০২০চনৰ ১৫ ছেপ্টেম্বৰত ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰ্যায়লৰ সৈতে নাগালেণ্ড চৰকাৰে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল।
এই শিলান্যাস অনুষ্ঠানত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ , উপমুখ্যমন্ত্ৰী ৱাই পাট্টন ,এছ পংগু ফমকে ধৰি ৰাজ্য চৰকাৰৰ আমোলা বিষয়াসকল উপস্থিত থাকিব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us