/asomiyapratidin/media/media_files/2025/10/25/u8jjjdd-2025-10-25-20-36-41.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ আৰু চালাকাটি ৰেল ষ্টেচনৰ মাজৰ ৰেল লাইনত যোৱা ২৩ অক্টোবৰত সংগতিত আই ইডি বোমা বিস্ফোৰণক কঠোৰ ভাষাৰে গৰিহণা দিছে সদৌ বড়ো মহিলা কল্যাণ পৰিষদ চমুকৈ আবোফে ।
আজি এক বিবৃতিত যোগে জনাইছে আবোফৰ সভানেত্ৰী বিজুলী নাৰ্জাৰী আৰু সাধাৰণ সম্পাদিকা আলাৰী ব্ৰহ্মই। বিবৃতিত উল্লেখ কৰি কয় যে উগ্ৰপন্থীৰ এনে গৃণীয় কাৰ্যই গণতন্ত্ৰ, মানৱতা আৰু বড়োভূমি অঞ্চলত শান্তিপূৰ্ণ বিনাশ কৰাহে ।
বোমা বিস্ফোৰণ কৰা এনে গৃণীয় কাৰ্য কৰা ব্যক্তিক চিনাক্ত কৰি আইন ভাবে শাস্তি দিবলৈ সদৌ বড়ো মহিলা কল্যাণ পৰিষদ ( আবোফ ) ই চৰকাৰৰ ওচৰত দাবী জনায়। লগতে ৰেল ভ্ৰমণকাৰী সকলৰ সুৰক্ষা বাবে ৰেল বিভাগ আৰু সুৰক্ষা বিভাগৰ কৰ্তৃপক্ষক অধিক সুৰক্ষা প্ৰদান কৰিবলৈও আহ্বান জনায়। এনে গৃণীয় কাম যেন পুনৰ নঘটে তাৰ বাবে সকলকো সজাগ হৈ থাকিবলৈ আবোফে আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us