
ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল কৰাৰ বাবে জিলা প্ৰশাসনে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে৷ দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় চৰকাৰে কৰা পৰিকল্পনা অনুসৰি ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিটো বাসগৃহ আৰু কাৰ্যালয়ত যাতে জাতীয় পতাকা উৰোওৱা হয় তাক নিশ্চিত কৰাৰ বাবে আজি ধুবুৰী জিলা উপায়ুক্ত আনবামুথান এম পিৰ অধ্যক্ষতাত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত উপস্থিত থকা খণ্ড উন্নয়ণ বিষয়াসকলক গ্ৰামাঞ্চলৰ প্ৰতিটো বাসগৃহত যাতে ১৩ৰ পৰা ১৫ আগষ্টলৈ জাতীয় পতাকা উৰে তাক নিশ্চিত কৰাৰ বাবে আৰু ৰাইজক সজাগ কৰাৰ বাবে ব্যাপক প্ৰচাৰ চলাবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিয়ে৷
ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ পৌৰসভাৰ ক্ষেত্ৰতো প্ৰতিটো বাসগৃহত জাতীয় পতাকা উৰাতো নিশ্চিত কৰিবলৈ বৈঠকত উপস্থিত পৌৰসভাৰ সভাপতি আৰু কাৰ্যবাহী বিষয়াক জিলা উপায়ুক্তই নিৰ্দেশ দিয়ে৷ তেওঁ প্ৰতিগৰাকী ৱাৰ্ড কমিছনাৰক নিজ নিজ এলেকাৰ প্ৰতিটো বাসগৃহলৈ গৈ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ প্ৰচাৰ চলাবলৈ পৰামৰ্শ দিয়ে৷
জিলাখনৰ প্ৰতিজন ব্যক্তি যাতে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ বিষয়ে অৱগত হয় তাৰ বাবে মাইকযোগে ব্যাপক প্ৰচাৰ চলাবলৈ জিলা উপায়ুক্তই জিলা তথ্য আৰু জনসংযোগ বিষয়াক নিৰ্দেশ দিয়ে৷ আনহাতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধুবুৰী গোটক জিলা উপায়ুক্ত কাৰ্যালয়, জিলা গ্ৰামোন্নয়ণ অভিকৰণ, চক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়, পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত সুন্দৰকৈ জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিয়ে৷
উল্লেখ্য যে অসম ৰাজ্যিক জীৱিকা অভিযানৰ ধুবুৰী গোটে ৭০০ আত্ম সহায়ক গোটৰ জৰিয়তে ১.৬৮ লাখ জাতীয় পতাকা চিলোৱাৰ লক্ষ্য লৈ বৰ্তমানলৈকে ১.০৮ লাখ পতাকা চিলাবলৈ সক্ষম হৈছে৷ পতাকা বিক্ৰীৰ বাবে ইতিমধ্যে ৫৮ খন বিপনী জিলা, খণ্ড আৰু ক্লাষ্টাৰ পৰ্যায়ত মুকলি কৰা হৈছে আৰু আত্ম সহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে ৭২ হেজাৰ জাতীয় পতাকা বিক্ৰী কৰিছে৷
প্ৰতিখন জাতীয় পতাকাৰ মূল্য আকাৰ অনুসৰি ১৬ টকাৰ পৰা ৩০ টকালৈ নিৰ্ধাৰন কৰা হৈছে৷ আনহাতে ধুবুৰী জিলাত সুলভ মূল্যৰ দোকানৰ জৰিয়তে মূলতঃ ২.৭০ লাখ হিতাধিকাৰী পৰিয়ালক লক্ষ্য কৰি প্ৰতিখনত ১৮ টকা দৰত জাতীয় পতাকা বিক্ৰী কৰা হ'ব৷ ধুবুৰী জিলা যোগান বিভাগে মুঠ ২.৩১ লাখ জাতীয় পতাকা ৰাজ্যিক কাৰ্যালয়ৰ পৰা বিক্ৰীৰ বাবে লাভ কৰিব৷
আজিৰ বৈঠকখনত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত গোস্বামী, অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া, ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সন্যাল, গৌৰীপুৰ পৌৰসভাৰ সভাপতি, খণ্ড উন্নয়ণ বিষয়া সকল, আন কেবাগৰাকী বিষয়া আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধুবুৰীৰ বিষয়ববীয়া উপস্থিত থাকে৷ বৈঠকত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধুবুৰী গোটে জিলা উপায়ুক্তক আত্ম সহায়ক গোটৰ সদস্যই চিলোৱা জাতীয় পতাকা উপহাৰ দিয়ে৷