হাওৰাঘাটৰ শিশু বিজ্ঞানীৰ অকাল মৃত্যুক লৈ সংবাদমেল...

তন্ময় বৰা ৰংপীৰ পৰিয়ালৰ সংবাদ মেলৰ যোগেদি CBI তদন্তৰ দাবী...

author-image
Asomiya Pratidin
New Update
হাওৰাঘাটৰ শিশু বিজ্ঞানীৰ অকাল মৃত্যুক লৈ সংবাদমেল...

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰত সংঘটিত হৈ যোৱা চাওমিন কাণ্ডৰ ঘটনাত বিগত ১৮ টা দিনে তদন্তৰ নামত কেৱল ভেকুৱাওনা হোৱা বুলি দাবী পৰিয়াল বৰ্গৰ। উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত যোৱা ২৮ মাৰ্চৰ দিনা স্থানীয় ৰাজু হোটেলৰ চাওমিন খাই হাওৰাঘাটৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ১২ গৰাকী কৈ ছাত্ৰ-ছাত্ৰী সহ শিক্ষক অসুস্থ হৈ পৰিছিল।

Advertisment

আৰু তাৰ মাজৰে তন্ময় বৰা ৰংপি নামৰ ছাত্ৰ তথা শিশু বিজ্ঞানী গৰাকীয়ে ৩১ মাৰ্চৰ দিনা চিকিৎসাধীন অৱস্থাত অকাল মৃত্যুক আকোৱালি ল'বলগীয় হয় ৷ এই সন্দৰ্ভত দেওবাৰে এক সংবাদ মেলৰ জৰিয়তে স্বৰ্গীয় তন্ময় বৰা ৰংপিৰ পৰিয়ালে তেওঁৰ ল'ৰাৰ বিনা দোষত অকাল মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ঘটনাৰ বাবে উচিত ন্যায়ৰ খাতিৰত চিবিআইৰ তদন্তৰ লগতে কেইবাটাও দাবী উত্থাপন কৰি দোষীৰ উচিত শাস্তি প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে।

Also Read: হিন্দু ধৰ্ম আৰু গেৰুৱা ৰঙৰ প্ৰাধান্যতা...

cbi