জুনিয়ৰ ছোৱালী ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতাৰ বাবে অসমৰ দল ঘোষণা

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ চিৰমৌত অহা ১৭ ছেপ্টেম্বৰৰ পৰা ৬দিনীয়াকৈ ৪১সংখ্যক জুনিয়ৰ ছোৱালীৰ ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনৰ বাবে অসম ৰাজ্যিক হেণ্ডবল সন্থাই ১৬জনীয়া দলটিৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে।

ঘোষিত দলটিত আছে- শোণিতপুৰৰ পূজা দেৱী আৰু প্ৰিয়ংকা শৰ্মা, গোলাঘাটৰ পৰী শইকীয়া, প্ৰিয়া বৰ্মন আৰু মণিকা দেৱী, শিৱসাগৰৰ জিকা মুণ্ডা, প্ৰীতি তেলেংগা, নিতুমণি তেলেংগা, গীতাঞ্জলি খোদাল আৰু দীপিকা গোৱালা, নলবাৰীৰ ছুইটী দাস, বন্তি বড়ো, অনামিকা বড়ো আৰু মিনাক্ষী বড়ো তথা ধুবুৰীৰ দিয়া বৰ্মন আৰু বেনালিছা চাংমা।

দলটিত প্ৰশিক্ষকৰূপে কে অজিত সিং আৰু মেনেজাৰৰূপে হিমাশ্ৰী পাঠক থাকিব। হেণ্ডবল প্ৰতিযোগিতাখনৰ বাবে এই দলটি বিলাসীপাৰাত অনুষ্ঠিত ৰাজ্যিক শিবিৰৰ পৰা বাছনি কৰা হৈছে বুলি অসম হেণ্ডবল সন্থাৰ সম্পাদক গৌতম চৌধুৰীয়ে জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in