হাজো-নলবাৰী পথৰ এলেংগীদলত পথ দুৰ্ঘটনা,নিহত ১

হাজো-নলবাৰী পথৰ এলেংগীদলত পথ দুৰ্ঘটনা,নিহত ১

ডিজিটেল সংবাদ, বৰনদ্দীঃ নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ এলেংগীদলত হাজো-নলবাৰী পথত বুধবাৰে বিয়লি এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। নিহত লোক জনক ভানুকুছিৰ মুনীন ভট্ট(৪৫) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে নলবাৰী চহৰত অৱস্থিত এটি গাড়ীৰ ন ডিলাৰ শ্ব'পত কৰ্মৰত মুনীন্দ্ৰই আজি বিয়লি সময়ত এ এছ ০১ ডি এ ৮৩৩২ নম্বৰৰ পালছাৰ খনেৰে নিজ গৃহলৈ হাজো-নলবাৰী পথেৰে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা তীব্ৰ বেগে অহা মাছ কঢ়িওৱা এখন ডিৱাই গাড়ীয়ে খুন্দিয়াই পথৰ দাঁতিত পেলাই থৈ পলায়ন কৰে।

দুৰ্ঘটনাত লোক জনৰ সম্পূৰ্ণ মুৰটো ফাটি যোৱাত অধিক ৰক্ত ক্ষৰণ হৈ ঘটনাস্থলীতে মৃত্যু হয়। পিছত ঘটনা সন্দৰ্ভত স্থানীয় লোকে নলবাৰী সদৰ থানাত খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি লোক জনৰ মৃতদেহ নলবাৰী অসামৰিক চিকিৎসালয়লৈ লৈ যায়। লোকজনৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত শোঁকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই সন্তানক এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in