হাজো-শুৱালকুছি সমষ্টিত মেগা স্বাস্থ্য শিবিৰ

১৮ বছৰৰ তলৰ শিক্ষাৰ্থী সকলৰ বাবে আয়োজন কৰা এই শিবিৰত কেইবা সহস্ৰাধিক শিক্ষাৰ্থীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। এইমছ গুৱাহাটী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেবাগৰাকীও অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্রদান কৰা হয় শিৱিৰত।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,হাজোঃ  হাজো-শুৱালকুছি সমষ্টিত আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ মেগা স্বাস্থ্য শিবিৰ। ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত মেগা স্বাস্থ্য শিবিৰ মুকলি কৰে হাজো-শুৱালকুছি সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই।

শুশ্ৰূষা সেঁতুৰ অধীনত ১৮ বছৰৰ তলৰ শিক্ষাৰ্থী সকলৰ বাবে আয়োজন কৰা এই শিবিৰত কেইবা সহস্ৰাধিক শিক্ষাৰ্থীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। এইমছ গুৱাহাটী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেবাগৰাকীও অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্রদান কৰা হয় শিৱিৰত।

এই অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালক ডাঃ উমেশ ফাংচʼ, স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মুনমী কলিতা, যুটীয়া সঞ্চালক ডাঃ অজিত দাস, মহকুমা স্বাস্থ্য বিষয়া ডাঃ গৌৰাঙ্গ দাস, ডাঃ বেদব্ৰত পাঠক, বিনন্দি চন্দ্ৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ দাসৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বিধায়িকা সুমন হৰিপ্ৰিয়াই জানিব দিয়া অনুসৰি উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱা ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়াকৈ উন্নত চিকিৎসা প্রদান কৰা হ'ব।

হাজো