/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7c060bd9-1334-439d-8845-bdd5f3e195ed/gv22.jpg)
ৰাজ্যৰ ৩১ সংখ্যক ৰাজ্যপাল হিচাপে শপত ল'লে গুলাবচান্দ কাটাৰীয়াই...
ডিজিটেল ডেস্কঃ আজি অসমৰ নতুন ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিলে গুলাবচান্দ কাটাৰিয়াই। ৰাজস্থানৰ এইগৰাকী প্ৰবীণ ৰাজনীতিবিদে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি পুৱা ১১ বজাত অসমৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰাৰ লগে লগে তেওঁ হৈ পৰিল ৰাজ্যৰ ৩১ সংখ্যক ৰাজ্যপাল।
গুৱহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই গুলাবচান্দ কাটাৰীয়াক ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰোৱাই। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্য়সকলৰ লগতে আৰক্ষী, প্ৰশাসনৰ বহু শীৰ্ষ বিষয়া।
এই অনুষ্ঠানৰ আঁতধৰে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে। অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰাৰ পাছতে ২১ ফেব্ৰুৱাৰীত গুৱাহাটীত আহি উপস্থিত হৈছিলহি গুলাবচান্দ কাটাৰীয়া আৰু তেওঁৰ পত্নী। অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী আৰু আৰক্ষী, প্ৰশাসনৰ লোকে তেওঁক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আদৰণি জনাইছিল।
আজি পুৱা তেওঁ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰাৰ পূৰ্বেই সপত্নীক মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। নতুনকৈ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰা গুলাবচান্দ কাটাৰীয়াই ইয়াৰ পূৰ্বে ৰাজস্থানৰ গৃহ, গ্ৰামীণ বিকাশ আৰু পঞ্চায়ত আদি বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও বিৰোধী দলৰ দলপতিৰ ভূমিকাও পালন কৰিছিল।
১৯৪৪ চনৰ ১৩ অক্টোবৰত জন্মগ্ৰহণ কৰা কাটাৰিয়াই ১৯৭৭ চনত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ২০১৪ ৰ পৰা ২০১৮ লৈ তেওঁ আছিল ৰাজস্থানৰ গৃহ বিভাগৰ মন্ত্ৰী।
Glad to attend the swearing in of Shri Gulab Chand Kataria ji as Assam’s 31st Governor.
Hon’ble Kataria ji brings with him a wealth of experience that will hold us in good stead. Looking forward to his wisdom & guidance in helping us take Assam to greater heights of glory. pic.twitter.com/DCXDbdPlnf— Himanta Biswa Sarma (@himantabiswa) February 22, 2023
Also Read: ৬৩ ত ঔষধ প্ৰস্তুত প্ৰতিষ্ঠান, ৮৫ ত মহন্তক মুখ্যমন্ত্ৰী পতা মানুহজন