/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/IRANI-WOMAN.jpg)
ডিজিটেল সংবাদ, গোৱালপাৰাঃ চিলনী চোৰ হিচাপে কুখ্যাত 'ইৰাণী গ্ৰুপে' এইবাৰ মহিলাসকলক লুটিবলৈ নতুন কৌশল অৱলম্বন কৰিছে।দুধৰ্ষ পুৰুষ সদস্যৰ পৰিৱৰ্তে সন্ত্ৰাস সৃষ্টিকাৰী ইৰাণী গ্ৰুপে শেহতীয়াকৈ বিহাৰৰ কাটিহাৰ জিলাৰ পৰা ব্যাপক হাৰত দুধৰ্ষ মহিলা আমদানি কৰি দপদপনি অব্যাহত ৰাখিছে।নামনি অসমৰ গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী, বৰপেটা,চিৰাং, বৰপেটা আদি জিলাকেইখনৰ বিভিন্ন চহৰত এই আমদানিকৃত মহিলাসকলে ইৰাণী গ্ৰুপৰ তত্বাৱধানত ফেৰিৱালাৰ বেশত ভাড়া ঘৰ লৈ আৰক্ষীৰ চকুত ধূলি দি বিশেষকৈ মহিলাসকলক টাৰ্গেট কৰি লুটি আহিছে।
ইৰাণী গ্ৰুপৰ এনে একাংশ কোলাত কেচুৱা লোৱা বিহাৰী ভাষী দুধৰ্ষ বিহাৰী মহিলা চোৰণী গোৱালপাৰা চহৰকে ধৰি কৃষ্ণাই অঞ্চলত থিতাপি লৈ জিলাখনৰ বিভিন্ন স্থানত সুযোগ বুজি মহিলাসকলক লুটি সন্ত্ৰাস সৃষ্টি কৰি আহিছে।বৃহস্পতিবাৰে বিয়লি তিনিমান বজাত গোৱালপাৰা টাউন আৰক্ষীৰ বাইক পাৰ্টিয়ে কোলাত কেচুৱা লৈ ট্ৰান্সপ'ৰ্টত সন্দেহজনকভাৱে টিঘিলঘিলাই থকা তিনিগৰাকী ইৰাণী গ্ৰুপৰ দুধৰ্ষ চোৰণীক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।উল্লেখ্য যে যোৱা ১৬ ছেপ্টেম্বৰত নিউ গোৱালপাৰাৰ সাবিত্ৰী হাজং নামৰ মহিলাগৰাকীয়ে মাটি বিক্ৰী কৰিবৰ বাবে আগধন হিচাপে পোৱা ৫০ হেজাৰ টকা বেগত লৈ ট্ৰান্সপ'ৰ্টৰ পৰা ই-ৰিক্সা এখনত ঘৰলৈ গৈ থকা অৱস্থাতে এই মহিলা তিনি গৰাকীৰ কবলত পৰে।
লক্ষ্য কৰি লোৱা মহিলাসকলক গাৰ কাপোৰ বা মুখত লেতেৰা বস্ত পৰা বুলি কৈ বা পেলাই দিয়া কৌশল প্ৰয়োগ কৰে।থিক তেনেদৰে এই তিনিগৰাকী চোৰণীয়ে দুৰ্গামন্দিৰ হেদায়েৎপুৰৰ মীৰা বেগমে ২৮ ছেপ্টেম্বৰত বিশাল মেঘা মাৰ্টত বজাৰ কৰি থকা অৱস্থাতে বেগত থকা বহুমূলীয়া এডাল সোনৰ চেইন,আঙুঠি, এটি পদক, ভোটাৰ পৰিচয় পত্ৰ,পান কাৰ্ড আদিকে ধৰি হেইবা হেজাৰ নগদ উল্লেখিত কৌশল অৱলম্বন কৰি লুটি লৈ যায়।পৰৱৰ্তী সময়ত গোৱালপাৰা চহৰৰ ভুক্তভোগি মহিলা দুগৰাকীয়ে কোলাত কেচুৱা থকা হিন্দী ভাষী মহিলা তিনিগৰাকীৰ বিৱৰণ দি গোৱালপাৰা টাউন আৰক্ষী চকীত এজাহাৰ দিয়ে।
মহিলা দুগৰাকীৰ এজাহাৰৰ ভিত্তিতে টাউন আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতেন সিঙৰ নেৰ্তৃত্বত বাইক পাৰ্টীয়ে ইৰাণী গ্ৰুপৰ চোৰণীকেইজনক কৰায়ত্ব কৰিবলৈ যোৰদাৰ অভিযান চলায়।কিন্তু দুধৰ্ষ চোৰণীসকলে সঘনাই বেশভূষা সলনি কৰি থকা বাবে আৰক্ষীৰ বাবে মহিলা কেইগৰাকীক কৰায়ত্ব কৰাটো প্ৰত্যাহ্বান হৈ পৰিছিল।অৱশ্যে বৃহস্পতিবাৰে বিয়লি তিনিমান বজাত কোলাত কেচুৱা লোৱা সন্দেহজনক চালচলনৰ বিহাৰী মহিলা তিনিগৰাকীয়ে চহৰৰ ট্ৰান্সপ'ৰ্টত বজাৰ কৰি থকা একাংশ মহিলাৰ পিছ লোৱা অৱস্থাতে বাইক পাৰ্টিৰ দৃষ্টি গোচৰ হয়।বাইক পাৰ্টিয়ে ততালিকে সন্দেজনক মহিলা তিনিগৰাকীক সোধা-পোচা কৰাত মহিলা তিনিগৰাকী ইৰাণী গ্ৰুপৰ সদস্য বুলি ধৰা পৰাত তিনিওকে গ্ৰেপ্তাৰ কৰে।
ইপিনে টাউন আৰক্ষী চকীত এজাহাৰ কাৰী সাবিত্ৰী হাজং আৰু মীৰা বেগমে মহিলা তিনিগৰাকীক চিনাক্ত কৰে।টাউন আৰক্ষীয়ে সংবাদ মাধ্যমক জানিব দিয়া মতে ধৃত মহিলা তিনিগৰাকী ইৰাণী গ্ৰুপৰ আমদানি কৰা দুধৰ্ষ সদস্য।আৰু চোৰণী কেইজনে কৃষ্ণাইত ঘৰ ভাড়া লৈ গোপনে আশ্ৰয় লৈ মহিলাক সুযোগ বুজি লুটি আছে।
আন এটি সূত্ৰই জানিব দিয়া মতে,অকল এই তিনিগৰাকীয়েই নহয়,ইৰাণী গ্ৰুপৰ এটি বৃহৎ মহিলা গেং গোৱালপাৰাকে ধৰি নামনি অসমৰ বিভিন্ন জিলাৰ চহৰৰ বিভিন্ন স্থানত থিতাপি লৈছে।আৰক্ষী গ্ৰেপ্তাৰ কৰা চোৰণী কেইজনক সুৰত পাচি(২৮)স্বামী পংকজ পাচি,কৰিস্মা পাচি(২৫)স্বামী চন্দ্ৰী চৌধুৰী,মলিন পাচি(১৯)স্বামী সতাচি চৌধুৰী বুলি চিনাক্ত কৰিছে।আটাইকেইজৰ ঘৰ বিহাৰৰ কাটিহাৰ জিলাৰ ফাঁট পুকুৰত।আৰক্ষীয়ে ইৰাণী গ্ৰুপৰ বৃহৎ মহিলা গেঙটোৰ আন আন সদস্যসকলক কৰায়ত্ব কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us