/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/GOWALPARA-2.jpg)
ডিজিটেল সংবাদ গোৱালপাৰা: গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলৰ এটা গভীৰৰ দ খাৱৈত পৰি ৫ টাকৈ বন্যহস্তী বুধবাৰৰ নিশাৰে পৰা আৱদ্ধ হৈ পৰে। আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তৰ নেৰ্তৃত্বত বৃহস্পতিবাৰে পুৱা বনাঞ্চলখনৰ চৈবাৰীত তহল দি থকা বনকৰ্মীৰ দলে বন্যহস্তীৰ চিঞৰ শুনি বনাঞ্চলৰ ভিতৰত প্ৰৱেশ কৰাত খাৱৈত পোৱালীসহ ৫ টাকৈ হাতী আৱদ্ধ হৈ থকা প্ৰত্যক্ষ কৰে। স্থানীয় ৰাইজে জানিব দিয়া মতে, কাষৰীয়া মেঘালয় ৰাজ্যৰ পৰা খাদ্যৰ সন্ধানত সীমা পাৰহৈ অহা এজাক হাতীৰ মাজত এই ৫ টা হাতী বুধবাৰে নিশা পানী খাবলৈ দ খাৱৈটোত নামি যোৱাৰ ফলতে আৱদ্ধ হৈ পৰে।
ৰাইজে অভিযোগ কৰা মতে, একাংশ অবৈধ ৰঙা মাটিৰ ব্যৱসায়ীয়ে বন কৰ্মীৰ চকুত ধুলি দি সংৰক্ষিত বনাঞ্চলৰ গভীৰত এস্ককেভেটৰ লগাই জধে-মধে বৃহৎ বৃহৎ গাত খান্দি থোৱাৰ পৰিণতিতে খাদ্যৰ সন্ধানত বনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীসমূহ এনেদৰে ওৰে নিশা আৱদ্ধ হৈ কষ্টভোগ কৰে।বিগত বৰ্ষটো তিনিটা হাতী বনাঞ্চলৰ দ খাৱৈত পৰি আৱদ্ধ হোৱাৰ বিপৰীতে সীমামূৰীয়া গাঁও এখনৰ খাৱৈত পৰি আন এটি কম বয়সীয়া হাতীৰ কৰুণ মৃত্য ঘটিছে।
বন বিষয়া দত্ত আৰু বন কৰ্মীসকলৰ অশেষ প্ৰচেষ্টাৰ মূৰত বৃহস্পতিবাৰে দুপৰীয়া এস্ককেভেটৰৰ সহায়ত আৱদ্ধ হাতী পাঁটাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তেওঁ জানিব দিয়া মতে, লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনত থকা বনাঞ্চলত বিগত প্ৰায় এটা বৰ্ষ ধৰি প্ৰায় ৪৫ টা বন্যহস্তী নিগাজীকৈ বিচৰণ কৰি ব্যাপক উপদ্ৰৱ চলাই আহিছে। তেওঁ জানিব দিয়া মতে,সম্প্ৰতি লক্ষীপুৰৰ বনাঞ্চলৰ গভীৰত বন্যহস্তীৰ প্ৰজনন প্ৰক্ৰিয়া চলি আছে।এনে অৱস্থাত বন্যহস্তীসমূহক খেদি পথোৱাটো সম্ভৱ হৈ উঠা নাই।বনাঞ্চলৰ ভিতৰত অবৈধ ৰঙা মাটিৰ ব্যৱসায়ীয়ে অবৈধভাৱে য'তে-ত'তে যাতে বনাঞ্চলৰ মাটি খান্দিব নোৱাৰে তাৰ বাবে বন কৰ্মীসকলে চোকা দৃষ্টি ৰাখিছে বুলি নৱ নিযুক্ত বন বিষয়াগৰাকীয়ে সদৰি কৰিছে।