কঠোৰ দিছপুৰঃ নদী পথেৰে চোৰাং কাঠৰ সৰবৰাহ, বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে আৰক্ষীয়েও আৰম্ভ কৰিছে অভিযান…

কঠোৰ দিছপুৰঃ নদী পথেৰে চোৰাং কাঠৰ সৰবৰাহ, বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে আৰক্ষীয়েও আৰম্ভ কৰিছে অভিযান…

author-image
asomiyapratidin
New Update
কঠোৰ দিছপুৰঃ নদী পথেৰে চোৰাং কাঠৰ সৰবৰাহ, বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে আৰক্ষীয়েও আৰম্ভ কৰিছে অভিযান…

ডিজিটেল ডেস্কঃ গোৱালপাৰা আৰু উত্তৰ কামৰূপ বন সংমণ্ডল অধীনস্থ এলেকাৰ বিভিন্ন বনাঞ্চলত ব্যাপক হাৰত অব্যাহত আছে বন ধ্বংস অভিযান। সময়ে সময়ে বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলত চোৰাং কাৰবাৰীয়ে স্থাপন কৰা অবৈধ কাঠ ফলা কল জব্দ কৰাৰ লগতে চোৰাং কাঠো বিভিন্ন আঞ্চলিক বন বিষয়া তথা বন বিভাগৰ আকস্মিক অভিযানত জব্দ কৰা হ'লেও জলপথ ব্যৱহাৰ কৰি বৃহৎ বৃহৎ শাল, চেগুনকে ধৰি মূল্যবান কাঠৰ চোৰাং সৰবৰাহ অব্যাহত আছে। এই ক্ষেত্ৰত একাংশ বন বিষয়াই কাঠৰ চোৰাং কাৰবাৰীৰ সৈতে গোপন সম্পৰ্ক ৰক্ষা কৰি চলাৰো অভিযোগ উঠিছে।

Advertisment

শেহতীয়াকৈ উজনি-নামনি তথা মধ্য অসমৰ এই বনাঞ্চলত চলি থকা চোৰাং কাঠৰ ব্যাপক সৰবৰাহৰ সৈতে বন বিভাগৰে একাংশ বিষয়া-কৰ্মচাৰী জড়িত থকা সন্দৰ্ভত চৰকাৰেও তথ্য লাভ কৰিছে। ইয়াৰ ভিত্তিতে বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ বন ধ্বংস অভিযানত সহযোগ কৰা অচিনাক্ত বন বিষয়া-কৰ্মচাৰীৰ ওপৰত বনাঞ্চলৰ সুৰক্ষাৰ দায়িত্ব সম্পূৰ্ণ ৰূপে এৰি দিয়াৰ পৰিৱৰ্তে আৰক্ষীকো এই ক্ষেত্ৰত গোপন অনুসন্ধানৰ ভিত্তিত অভিযান চলাবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। অসম আৰক্ষীৰ শীৰ্ষ মহলৰ পৰা বিভিন্ন জিলালৈ প্ৰেৰণ কৰা গোপন নিৰ্দেশনাত সন্দেহজনক বন বিষয়া-কৰ্মচাৰীক আস্থাত নলৈ কাঠৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়া হৈছে।

সমান্তৰালভাৱে কাঠ কটা আৰু সৰবৰাহ কৰাৰ সৈতে জড়িত বন বিষয়া কৰ্মচাৰীৰ লগতে যুটীয়া বন পৰিচালনা সমিতি আৰু বনগাঁৱত থিতাপি লৈ বন ধ্বংসত নাম লোকসকলৰ বিৰুদ্ধেও অনুসন্ধানক্ৰমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। চৰকাৰৰ এনে কঠোৰ স্থিতিৰ বাবেই যোৱা কেইটামান দিনত নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষী আৰু বন বিভাগে চলোৱা সন্মিলিত অভিযানত বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ কৰা হৈছে। সোমবাৰেও উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনিস্থ বৰপেটা আঞ্চলিক বন বিষয়া এলেকাত বৃহৎ সংখ্যক মূল্যবান কাঠৰ কুণ্ডা নদী পথেৰে পাৰ কৰি নিবলৈ চেষ্টা চলোৱা সময়ত জব্দ কৰা হয়।