/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/df5d8400-682a-4f8c-ab66-7300f0351c92.jpg)
ডিজিটেল সংবাদ, কৃষ্ণাইঃএয়া ছুইজাৰলেণ্ড নেকি? প্ৰথমে চাই লওঁক এখন ফটোগ্ৰাফ। কি মনমোহা দৃশ্য। ফুলি আছে বতৰৰ ফুল। নিৰ্মল আকাশ, মৃসন পথ।ঘন সেউজীয়া জিলিকি উঠিছে কৃষ্ণচূড়া-ৰাধাচূড়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/379fe188-c133-495d-8956-30f996f8084a.jpg)
আপুনি যদি ভাবিছে এয়া সঁচাকৈয়ে ছুইজাৰলেণ্ড, তেনেহ'লে ভুল ভাবিছে। এয়া অসমৰ পৰিৱ্শ। পথৰ দুয়োপাৰে ৰাধাচূড়া আৰু কৃষ্ণচূড়া ফুলিছে। আৰু এই মনোৰম পৰিৱেশে এতিয়া বহুজনক ইয়ালৈ হাত বাউলি দি মাতিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/df5d8400-682a-4f8c-ab66-7300f0351c92.jpg)
কৃষ্ণচূড়াৰ মাজে মাজে ফুলিছে সোণাৰু আৰু এজাৰ। কেৱল এই ফুলৰে বিন্দনীয়া ৰূপ নহয়, ইয়াৰ পশ্চিমদিশে আছে কুমাৰী বিল আৰু পূব দিশত আছে পঞ্চৰত্ন পাহৰ। তাৰ কাষেৰে পাৰ হৈ গৈছে ৰে'ল পথটো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/fead4ad8-2aa7-4daa-b939-808562b5b804.jpg)
কোনোবা শিল্পীয়েহে যেন আঁকিছে এই মনোৰম দৃশ্য। প্ৰাকৃতিক সৌন্দৰ্যৰ সেই নৈসৰ্গিক ৰূপে এতিয়া প্ৰকৃতিপ্ৰেমীৰ মন জোৰাই পেলাইছে। গোৱালপাৰা জিলাৰ শোলমাৰীৰ পৰা পঞ্চৰত্নৰ নৰনায়াৰণ সেতুলৈ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথলৈ যোৱা দৃশ্য এয়া-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/ba0a50f7-79a1-4868-9a9f-65ba4c97a363.jpg)
যিয়ে এবাৰ সেই পথেৰে গৈছে, তেওঁৱেই ৰৈ গৈছে। সেই মনোৰম দৃশ্য উপভোগ নকৰাকৈ পাৰ হৈ যাব পৰা নাই কোনেও। ইতিমধ্যে এই পথটোত এই প্ৰাকৃতিক সৌন্দৰ্য ৰূৰ পান কৰিবলৈ বহু লোকৰ আগমন ঘটিছে। আমাৰ ধাৰণা আছে এনে বিনন্দীয়া পৰিৱেশ ছুইজাৰলেণ্ডতহে দেখা যায়। কিন্তু এতিয়া গোৱালপাৰাতেই দেখা পোৱা গৈছে সেই মনোৰম পৰিৱেশ। যি পৰিৱেশ ছুইজাৰলেণ্ডতকৈ কম নহয়। মায়া সনা প্ৰকৃতিয়ে এতিয়া এনেদৰে হাতবাউলি মাৰিছে অগণন পৰ্যটকক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/3eaca381-59a3-40a3-938d-1c7979faf6a2.jpg)