ডিজিটেল ডেস্কঃ লকডাউনৰ সময়ত অসমলৈ যিসকল লোক বিভিন্ন ঠাইৰ পৰা ঘূৰি আহিব নুখুজে তেওঁলোকক চৰকাৰে সহায় কৰিব। যেতিয়ালৈকে চৰকাৰে পাৰে প্ৰতিমাহে প্ৰেৰণ কৰিব ২০০০কৈ টকা। কোৰোনাৰ বাবে সৃষ্টি হোৱা পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি নহা লৈকে চৰকাৰে সহায় কৰিব। অসম চৰকাৰৰ পৰা সহায় কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, যদি কোনো লোক আহিব নিবিচাৰে তেন্তে আহিব নালাগে। কাৰণ এতিয়া গ্ৰীণ জ'নসমূহত হোটেল-ৰেষ্টুৰেন্ট আদি খুলিব। তাত পূৰ্বৰে পৰা কাম কৰা লোকে এতিয়াও কাম কৰিব পাৰিব। লগতে তেওঁ কয় যে, বাহিৰত থকা ৬ লাখ মানুহ এতিয়া অসমলৈ ঘূৰি আহিলে আমাৰ কোৱাৰেন্টাইনকে আদি কৰি বিভিন্ন ক্ষেত্ৰত অসুবিধা হ'ব।