চৰকাৰী যোগাযোগত তাৰিখ আৰু চন উল্লেখৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ নিৰ্দেশনা…

চৰকাৰী যোগাযোগত তাৰিখ আৰু চন উল্লেখৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ নিৰ্দেশনা…

author-image
asomiyapratidin
New Update
চৰকাৰী যোগাযোগত তাৰিখ আৰু চন উল্লেখৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ নিৰ্দেশনা…

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে যোৱা ২৮ অক্টোবৰ, ২০২১ অৰ্থাৎ বৃহস্পতিবাৰে এক অধিসূচনাযোগে সকলো চৰকাৰী যোগাযোগত তাৰিখ আৰু চন উল্লেখৰ ক্ষেত্ৰত কিছু নির্দেশনা জাৰি কৰিছিল। সেই অনুসৰি সকলো চৰকাৰী যোগাযোগত অসমীয়া কেলেণ্ডাৰৰ লগতে গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি তাৰিখ আৰু চন উল্লেখ থাকিব লাগিব বুলি এক নিৰ্দেশনা চৰকাৰে জাৰী কৰিছে।

Advertisment

সেইদৰে বৰাক উপত্যকাত থকা কার্যালয়সমূহে তেওঁলোকৰ কাৰ্যালয়ৰ পৰা কৰা চৰকাৰী যোগাযোগত বাংলা কেলেণ্ডাৰৰ লগতে গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি আৰু বড়োলেও টেৰিট'ৰিয়েল এলেকাত থকা কার্যালয়সমূহে চৰকাৰী যোগাযোগত বড়ো/স্থানীয় কেলেণ্ডাৰৰ লগতে গ্রেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি তাৰিখ আৰু চন উল্লেখ কৰিব লাগিব।