ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিৰুদ্ধে উত্থাপন হৈছে বৃহৎ অৰাজকতা অভিযোগ। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য খণ্ডত আমোল পৰিৱৰ্তন অনাৰ বাবে চেষ্টা কৰিছে যদিও, একাংশ আমোলা বিষয়াৰ বাবে এই বিভাগটো হৈ পৰিছে সোণৰ কণী পৰা হাঁহ সদৃশ । তাৰে এক জলন্ত নিদৰ্শন হ'ল- চৰকাৰী চিকিৎসালয়সমূহত ৰোগীৰ বাবে যোগান ধৰা খাদ্য।
অসমৰ চৰকাৰী চিকিৎসালয়সমূহত ৰোগীৰ বাবে যোগান ধৰা খাদ্যৰ যোগনীয়াৰ সকলক যোৱা ৮ মাহ ধৰি তেওঁলোকে পাবলগীয়া বিল মুকলি কৰি নিদিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যোগনীয়াৰ সকলৰ মাজত।
নগাঁও, মৰিগাঁও, যোৰহাট, গোলাঘাট, লক্ষীমপুৰ, শিবসাগৰ, মাজুলী, শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি, ধুবুৰী, বৰপেটা আৰু নলবাৰীকে ধৰি কেবাখনো জিলাৰ চৰকাৰী অসামৰিক চিকিৎসালয়সমূহত ৰোগীৰ বাবে বছৰ বছৰ ধৰি নিবিদাৰ মাধ্যমেৰে খাদ্য সামগ্ৰী যোগান ধৰা হৈছে।
উল্লেখ্য যে, যোগনীয়াৰ সকলে প্ৰতিদিনে পুৱাৰে পৰা নিশা পৰ্যন্ত চাৰি বাৰকৈ ৰোগীসকলক খাদ্য সামগ্ৰী যোগান ধৰাৰ অন্তত চৰকাৰী চিকিৎসালয়ৰ অধীক্ষক আৰু জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ অনুমোদনমৰ্মে স্বাস্থ্য বিভাগৰ সঞ্চালকৰ কাৰ্যালয়লৈ যায় ইয়াৰ বিলসমূহ। তাৰপাছত ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালকে পুনৰীক্ষণ কৰাৰ অন্তত এই বিলসমূহ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিবৰ অনুমোদনৰ বাবে যায়।
কিন্তু ইয়াৰ বিপৰীতে যোৱা ৮ মাহ ধৰি সচিব গৰাকীয়ে এই বিলসমূহ তেওঁৰ টেবুলতে দম কৰি ৰাখি থোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যোগনীয়াৰসকলৰ মাজত । এক ৰহস্যজনক কাৰণত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব গৰাকীয়ে এই বিলসমূহ মুকলি কৰি দিয়া নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।
একাংশ যোগনীয়াৰৰ অভিযোগ মতে- এক মোটা অংকৰ ধন নোপোৱাৰ বাবেই যোৱা ৮ মাহ ধৰি ৰোগীৰ খাদ্যৰ বিল সমূহ মুকলি কৰি দিয়া নাই সচিবগৰাকীয়ে। ৰাজ্যখনৰ কেবাখনো চিকিৎসালয়ৰ ৮ মাহৰ খাদ্যৰ বিল মুকলি নকৰাৰ বিপৰীতে আৰু বহু কেইখন চিকিৎসালয়ৰ ৭ মাহৰ বিল মুকলি নকৰাৰ ফলত মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে যোগনীয়াৰসকলৰ মাজত।
ইফালে, সচিব গৰাকীয়ে যদি চলিত মাহৰ ভিতৰত এই বিলসমূহ মুকলি কৰি নিদিয়ে তেনেহ'লে আগষ্ট মাহৰ পৰা সৰহ সংখ্যক চৰকাৰী চিকিৎসালয়ত ৰোগীৰ খাদ্য যোগান বন্ধ হৈ পৰিব বুলিও একাংশ যোগনীয়াৰে ক্ষোভ ব্যক্ত কৰিছে।
উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যৰ চৌদিশে বানৰ তাণ্ডৱ চলি থকাৰ সময়ত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাব ঘটিছে। বানাক্ৰান্ত ঠাইসমূহৰ ৰোগীৰ সৈতে অহা ৰোগীৰ আত্মীয়কো যোগনীয়াৰ সকলে এই খাদ্য যোগান ধৰিবলগীয়া হৈছে। তেনেস্থলত যোগনীয়াৰ সকলে মাহৰ পিছত মাহ খাদ্য যোগান ধৰিও প্ৰাপ্য বিল আদায় নোপোৱাত হতাশাত ভুগিছে বহু যোগনীয়াৰ।
লক্ষণীয়ভাৱে ৰাজ্যখনৰ বিভিন্ন জিলাত দৈনিক খাদ্য যোগানৰ মূল্য পৃথক পৃথক। কোনো কোনো জিলাত একোগৰাকী ৰোগীৰ প্ৰতিদিনৰ খাদ্যৰ বাবদ ৬৯ টকাৰ বিপৰীতে কোনো কোনো জিলাত ৯০ টকা পৰ্যন্ত লাভ কৰে যোগনীয়াৰ সকলে। এই মূল্যতে প্ৰতিগৰাকী ৰোগীয়ে দুসাজ ভাত আৰু দুবাৰকৈ চাহ লাভ কৰে। তদুপৰি মাহেকত চাৰিদিন মাংস, চাৰিদিন মাছ আৰু চাৰিদিন কণী যোগান ধৰা হয় ৰোগী সকলক।
প্ৰতিখন জিলাৰ খাদ্য যোগনীয়াৰ সকলক মাহেকত ৩ লাখৰ পৰা ৩.৫০ লাখ টকা পৰ্যন্ত আদায় দিয়াৰ নামত এতিয়া একাংশ আমোলা-বিষয়াৰ সোণৰ কণী পৰা হাঁহত পৰিণত হৈ এই বিভাগটো। সেয়েহে খাদ্য যোগনীয়াৰ সকলে পাবলগীয়া বিলৰ ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰাৰ লগতে শীঘ্ৰেই বিলসমূহ আদায় নিদিলে চৰকাৰী চিকিৎসালয়সমূহত ৰোগীৰ খাদ্য যোগান প্ৰক্ৰিয়া বন্ধ হৈ পৰাটো নিশ্চিত বুলি ক'ব পাৰি ।