এজন চৰকাৰী বিষয়াৰ বাবে প্ৰাণ ৰক্ষা হল এজন দুৰ্ঘটনাগ্ৰস্ত পথচাৰীৰ...

এজন চৰকাৰী বিষয়াৰ বাবে প্ৰাণ ৰক্ষা হল এজন দুৰ্ঘটনাগ্ৰস্ত পথচাৰীৰ...

ডিজিটেল সংবাদ, মৰিগাওঁ : এগৰাকী চৰকাৰী বিষয়াৰ মহানুভৱতাৰ বাবে প্ৰাণ ৰক্ষা পৰিল দুৰ্ঘটনাগ্ৰস্ত পথচাৰীৰ ৷ বিষয়া গৰাকীৰ নাম জিতু বৰদলৈ ৷ মৰিগাঁও লোকনিৰ্মানৰ গৃহ বিভাগত উপ সংমণ্ডল বিষয়া হিচাপে কৰ্মৰত বিষয়া গৰাকী ৷ জিতু বৰদলৈয়ে মৰিগাঁও নগাওঁ পথেৰে বিশেষ কামত গৈ আছিল নগাঁও দিশে ৷ উক্ত সময়ছোৱাতে মৰিগাঁও সাতগাওঁ পথৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈ সংকটজনক অৱস্থাত পৰি আছিল এগৰাকী পথচাৰী ৷

জিতু বৰদলৈয়ে নিজে ব্যৱহাৰ কৰা চৰকাৰী বাহন খনত পৰিচয়বিহীন দুৰ্ঘটনাগ্ৰস্ত লোকজনক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ আহে ৷ পৰৱৰ্তী সময়ত দুৰ্ঘটনাগ্ৰস্ত লোকজন মৰিগাঁও পছতীয়াৰ ২ নং ৱাৰ্ডৰ দেৱেশ্বৰ দাস বুলি পৰিচয় পোৱা যায়। মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত চিকিৎসকে ব্যক্তি গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in