গৰুখুটিৰ উচ্ছেদিতক প্ৰকৃত ভাৰতীয়-ভূমিহীন কৃষকক দলগাঁৱত কৰিব পুনৰ সংস্থাপন…

গৰুখুটিৰ উচ্ছেদিতক প্ৰকৃত ভাৰতীয়-ভূমিহীন কৃষকক দলগাঁৱত কৰিব পুনৰ সংস্থাপন…

author-image
asomiyapratidin
New Update
গৰুখুটিৰ উচ্ছেদিতক প্ৰকৃত ভাৰতীয়-ভূমিহীন কৃষকক দলগাঁৱত কৰিব পুনৰ সংস্থাপন…

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙৰ ঢলপুৰৰ উচ্ছেদিত, প্ৰকৃত ভাৰতীয়, ভূমিহীন কৃষকক দলগাওঁ ৰাজহচক্ৰত সংস্থাপিত কৰা হব, এই ভাষ্য গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ । বুধবাৰে পোন প্ৰথম বাৰৰ বাবে পৌৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লগীয়া ছিপাঝাৰ পৌৰ সভাৰ নিৰ্বাচন আগত ৰাখি ছিপাঝাৰ মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ অন্তত সাংবাদিক প্ৰশ্নৰ উত্তৰত পদ্ম হাজৰিকাই প্ৰকাশ কৰে যে, ইতিমধ্যে দৰং জিলাৰ দলগাও ৰাজহ চক্ৰৰ নিদিষ্ট স্থানত গৰুখুটিৰ উচ্ছেদিত লোক সকলক ভূমি দেখুৱাই দিয়া হৈছে, চৰকাৰৰ নীতি নিৰ্দেশনা মানি উচ্ছেদিত যি সকল লোক এতিয়াও কৃষি প্ৰকল্পৰ ভিতৰত আছে তেওঁ লোকক স্ব-ইচ্ছাৰে চৰকাৰে নিদিষ্ট কৰি দিয়া স্থান লৈ যাবলৈ আহ্বান জনোৱা হৈছে,অন্যথা পুনৰাই এই সকল লোকক উচ্ছেদ কৰা হব।অবশ্যে সংস্থাপন সময়ত এই সকল লোক মাটি পোৱাৰ যোগ্য হয় নে নহয় পৰীক্ষা কৰা হব।

Advertisment

বিভিন্ন দল-সংগঠনে মুঠ ২০৫১ টা পৰিয়াল উচ্ছেদৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা বুলি চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰিছিল। এই দল-সংগঠনৰ আবেদনৰ ওপৰত ভিত্তি কৰি প্ৰকৃত ভাৰতীয় ভূমিহীন নাগৰিককহে দলগাঁও ৰাজহ চক্ৰলৈ স্থানান্তৰ কৰা হ'ব। উল্লেখযোগ্য যে, পুনৰ সংস্থাপন প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে এখন বিশেষ কমিটীও।