গৰৈমাৰীত ‘ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব ছেমিনাৰ’ সম্পন্ন…

গৰৈমাৰীত ‘ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব ছেমিনাৰ’ সম্পন্ন…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ উদ্যোগত এছ'চিয়েচন অৱ মিছুয়েল ফাণ্ডচ্ ইন ইণ্ডিয়া'ৰ সহযোগত 'Strategy of managing personal finance in cluding mutual funds' শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব ছেমিনাৰ ১৪ জুলাইত অনুষ্ঠিত হৈ যায়৷ গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ অৰ্থনীতিৰ সহকাৰী অধ্যাপক জমিৰ উদ্দিন আহমেদ, ড০ শ্বেখ মজিবৰ ৰহমান, আয়ান আলী সমন্বয়ক হিচাপে অংশগ্ৰহণ কৰা 'ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব ছেমিনাৰ'ত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ আব্দুল আওয়াল চাহাবে৷

'ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব ছেমিনাৰ' (Webinar)ত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি নগৰবেৰাৰ বিমলা চলিহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডা, এছ'চিয়েচন অৱ মিছুয়েল ফাণ্ডচ্ ইন ইণ্ডিয়া'ৰ জ্যেষ্ঠ পৰামৰ্শদা সূৰ্যকান্ত শৰ্মাই প্ৰত্যেকজন ব্যক্তিক সঞ্চয় তথা বিনিয়োগৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়৷ ইয়াৰোপৰি প্ৰতিজন ব্যক্তিয়ে 'জীৱন বীমা' স্বাস্থ্য বীমাৰ প্ৰতি গুৰুত্ব দিবলৈকো কয়৷ সমল ব্যক্তিসকলে বিনিয়োগকাৰীক Think, understand and investৰ ওপৰতো গুৰুত্ব দিবলৈ আহ্বান জনায়৷

বিভিন্ন ধৰণৰ নেটৱৰ্কিং কোম্পানীত বিনিয়োগ নকৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ Government/RBI bonds, corporate bonds, Government schemes (Post office schemes, PPF, NPS, Sukanya Samriddi scheme, Securities market etc) আদি চৰকাৰী নিৰ্ভৰযোগ্য বিনিয়োগ পন্থাত বিনিয়োগ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ আনহাতে, প্ৰায় এহেজাৰ গ্ৰাহকক আদৰণি জনোৱা Webinarত অংশগ্ৰহণ কৰি বি পি চি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডাই আয়োজক মহাবিদ্যালয়ৰ লগতে অৰ্থনীতি বিজ্ঞান বিভাগৰ কৰ্মপন্থাক ভূয়সী প্ৰশংসা কৰে৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in