গৰৈমাৰীৰত বাইক চোৰৰ ঘাটি উৎখাত, ধৃত ২ চোৰক জে’ল হাজোতলৈ প্ৰেৰণ…

গৰৈমাৰীৰত বাইক চোৰৰ ঘাটি উৎখাত, ধৃত ২ চোৰক জে’ল হাজোতলৈ প্ৰেৰণ…

author-image
asomiyapratidin
New Update
গৰৈমাৰীৰত বাইক চোৰৰ ঘাটি উৎখাত, ধৃত ২ চোৰক জে’ল হাজোতলৈ প্ৰেৰণ…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটা দেওবাৰে নিশা জোৰশিমুলীৰ হাতীশলা গাঁৱত অভিযান চলাই মটৰ চাইকেল চোৰৰ ঘাটি এটা উৎখাত কৰিবলৈ সমৰ্থ হয়৷ জানিব পৰা মতে, ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটাই গোপন খবৰৰ ভিত্তিত দেওবাৰে নিশা হাতীশলা গাঁৱত অভিযান চলায়৷

Advertisment

প্ৰশাসনৰ অভিযানকালত পুৰাণকুঁছিয়া গাঁৱৰ মেছেৰ আলী ওৰফে ৰাজু (২৭) আৰু হাতীশলা গাঁৱৰ ছমেৰ আলী (৩৯)ক গ্ৰেপ্তাৰ কৰে৷ ধৃত চোৰ দুটাৰ পৰা এ এছ-০১ডি জেড-৬৭৭৪ পালচাৰ আৰু এ এছ-০১এ এক্স-৪৪১৪ নম্বৰৰ চি বি জেড মটৰ চাইকেল দুখন জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে, ধৃত চোৰ দুটা দীৰ্ঘদিন ধৰি মটৰ চাইকেল চুৰিকাৰ্যৰ লগত জড়িত আছিল৷ গভাইত চোৰ দুটাক সোমবাৰে জে'ল-হাজোতলৈ প্ৰেৰণ কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে৷