/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/244c3a21-0976-4829-be78-c5bb6521cf54.jpg)
ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত হাতীশলা, ভলুকাবাড়ীত দেওবাৰে শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত পবিত্ৰ ৰমজানৰ ছেহৰী আৰু ইফতাৰৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হয়৷ জানিব পৰামতে বিজেপিৰ অসম ৰাজ্যিক সমিতিয়ে গৰৈমাৰী মণ্ডলৰ আঠখন গাঁও পঞ্চায়তৰ অধীনস্থ দুহেজাৰ দৰিদ্ৰ পৰিয়ালৰ মাজত ছেহৰী আৰু ইফতাৰ সামগ্ৰী বিতৰণৰ নিৰ্দেশ দিয়ে৷ দলৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশমৰ্মে গৰৈমাৰী মণ্ডল সমিতিৰ সভাপতি আক্ৰাম হুছেইনে লকডাউনৰ সময়ছোৱাত ল'বলগীয়া সামাজিক দূৰত্ব অৱলম্বন কৰি দেওবাৰে হাতীশলা, ভলুকাবাড়ী আৰু কৰাইবিল অঞ্চলৰ শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত ছেহৰী আৰু ইফতাৰৰ বাবে খাদ্য সামগ্ৰী বিতৰণ কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/02b96024-7265-4e67-9bad-902cee2cd673.jpg)
উল্লেখ্য যে, কোৰোনা ভাইৰাছক লৈ দেশজোৰা চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত ছয়গাঁও সমষ্টিৰ সংখ্যালঘু অধ্যূষিত অঞ্চলৰ বিশেষকৈ দিন-হাজিৰা, সাধাৰণ ব্যৱসায়ৰ লগতে সৰু-সুৰা খেতি-বাতি কৰাকে ধৰি বহুলোক আৰ্তনাদ দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ কাৰ্যসূচীত হাতীশলা ভলুকাবাড়ীৰ ডেভেলপমেন্ট চ'ছাইটিৰ কৰ্মকৰ্তাসকলে সহযোগিতা আগবঢ়ায়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/21dc8193-6317-4580-866a-b7d96a27f2c8-1024x576.jpg)
আনহাতে গৰৈমাৰীতো দেওবাৰে বিয়লি ৰমজানৰ ইফতাৰৰ বাবে দৰিদ্ৰ লোকৰ মাজত ফল-মূল বিতৰণ কৰা হয়৷ জানিব পৰামতে গৰৈমাৰীৰ চাইন্স একাডেমীৰ উদ্যোগত পৰিচালন সঞ্চালক আমিনুল ইছলামে পবিত্ৰ ৰমজান উপলক্ষে দেওবাৰে বিয়লি গৰৈমাৰীত অৰ্ধশতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত ফল-মূল বিতৰণ কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/2d8b9866-6f28-471b-b4a8-146d5b369089-1024x768.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us