ডিজিটেল সংবাদ, গৰৈমাৰীঃ 'মানুহ হিচাপে চিনাকি দিবলৈ আমি শিক্ষিত হ'বই লাগিব'- শনিবাৰে দুপৰীয়া গৰৈমাৰীস্থিত ব্ৰহ্মপুত্ৰ ভেলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অষ্টম বাৰ্ষিক নৱাগত আদৰণি সভাত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ মুখ্য সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই এইদৰে কয়৷ তেওঁ সাহিত্য আৰু সংস্কৃতিয়ে সমাজ গঢ়ে আৰু ৰাজনীতিয়ে সমাজ এখন ভাঙি পেলাই বুলিও কয়৷ শনিবাৰে দুপৰীয়া একাডেমী প্ৰাংগণত নুৰুল ইছলামৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি যাদৱ চন্দ্ৰ শৰ্মাই পুনৰ কয়- জাতীয়তাবাদ আৰু বৌদ্ধিক চেতনাৰ বাবেই বিদ্যালয়খনৰ নাম ব্ৰহ্মপুত্ৰ ভেলী ৰখা হৈছে আৰু বৰ্তমান সময়ত জাতীয়তাবাদৰ মূল শিপা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে সিঁচৰিত হৈ থকা বুলি মন্তব্য কৰে৷
সম্প্ৰতি ইয়াৰ জাতীয়তাবাদে অসম নিৰ্মাণত নামিছে আৰু অসমীয়া জাতি হিচাপে চিনাকী দিয়াত বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ ভূমিকা অপৰিসীম বুলিও কয়৷ প্ৰতিজন মানুহৰে ধৰ্ম পিচত বুলি উল্লেখ কৰি যাদৱ চন্দ্ৰ শৰ্মাই পুনৰ কয়- অসমীয়া মাতৃভাষা আমাৰ জন্মস্বত্ব অধিকাৰ, অসমীয়া মাধ্যমত লিখা-পঢ়া কৰা, জৰীপত অসমীয়া মাতৃভাষা হিচাপে ব্যৱহাৰ কৰা, আমি সকলোৱে অসমীয়া৷ এইক্ষেত্ৰত কোনেও কোনোধৰণৰ শংকিত হোৱাৰ প্ৰয়োজন নাই৷
ব্ৰহ্মপুত্ৰ ভেলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালন সঞ্চালক আতোৱাৰ ৰহমানে আদৰণী ভাষণ প্ৰদান কৰা সভাত সম্বৰ্ধনা পৰিচালনা কৰে বিদ্যালয়ৰ একাডেমীক ইনচাৰ্জ আবুল কালাম আজাদে৷ সভাত শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথ, দৰং জিলা সাহিত্য সভাৰ প্ৰবীন বৰুৱা, চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী ডাঃ ফজলুল হক চৌধুৰী, আক্কাছ আলী আহমেদে ভাষণ দিয়ে৷ সভাত গৰৈমাৰী শাখা সাহিত্য সভাৰ সম্পাদক আব্দুছ ছালাম, ড০ ফখৰুদ্দিন আলী আহমেদ আৰু এফ এ আহমেদ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আৱাল চাহাব অংশগ্ৰহণ কৰে৷
উল্লেখ্য যে, বিদ্যালয়ৰ অষ্টম বাৰ্ষিক নৱাগত আদৰণি সভা উপলক্ষে আজি পুৱা ৮ বজাত পতাকা উত্তোলেনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আক্কাছ আলী আহমেদে৷ পতাকা উত্তোলনৰ পিচতে ৮.৩০ বজাত বিদ্যালয়ৰ উপাধ্যক্ষ আজাহাৰ আলী আহমেদৰ নেতৃত্বত বিদ্যালয় প্ৰাংগণত গছপুলি ৰোপন কৰা হয়৷ ৯ বজাৰ পৰা ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ মাজত চিনাকী পৰ্ব কাৰ্যসূচী অনুষ্ঠিত হয়।