গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ যুৱ মহোৎসৱ

গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ যুৱ মহোৎসৱ

author-image
asomiyapratidin
New Update
গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ যুৱ মহোৎসৱ

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যূষিত গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ পঞ্চমসংখ্যক বাৰ্ষিক যুৱ মহোৎসৱ উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলে আজি দিনৰ প্ৰায় ১১ বজাত উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে অভিভূত কৰে৷

Advertisment

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ৷ যুৱ মহোৎসৱ উপলক্ষে আজি বিহু নৃত্য, নাওঁখেল, মাছমৰীয়া, জিকিৰ জাৰী, শংকৰদেৱ, চিকিৎসক, আদিবাসী, ঝুমুৰ নৃত্য, কনকলতা, দৰা-কইনা, লাঠিবাৰী, তিৱা জনগোষ্ঠী আদি বিভিন্ন ধৰণৰ সাজ-পোছাক পৰিধান কৰি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে কাণহাৰাৰ বিদ্যালয় প্ৰাংগণৰ পৰা গৰৈমাৰী দৈনিক বজাৰ, ৰাজীৱ ভৱন, বাছ আস্থান হৈ গৰৈমাৰী টাউন ক্লাব খেলপথাৰলৈ উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজক মুহিবলৈ সক্ষম হয়৷

উল্লেখ্য যে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পূৰ্বে যুৱ মহোৎসৱ উপলক্ষে পতাকা উত্তোলন, গছপুলি ৰোপন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ ইপিনে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উপলক্ষে আয়োজিত সম্বৰ্ধনা অনুষ্ঠানটি পৰিচালনা কৰে একাডেমীৰ তত্ত্বাৱধায়ক আবুল কালাম আজাদ৷