/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/gopinath-biopic333-kindey-barsk-3-copy.jpg)
ডিজিটেল ডেস্কঃ কেমেৰাত বন্দী হ'ব অসমৰ প্রথমজন প্ৰধানমন্ত্ৰী (মুখ্যমন্ত্ৰী) গোপীনাথ বৰদলৈৰ জীৱন কাহিনী। ভাৰতৰত্ন বৰদলৈয়ে জীৱন ভিত্তিত প্ৰথমবাৰৰ বাবে এই তথ্য চিত্ৰখন নিৰ্মান কৰিবলৈ আগবাঢ়ি আহিছে বিভূ দত্ত। ডি ডি বেনাৰত নিৰ্মান হ'ব লগা তথ্যচিত্ৰখনৰ প্ৰযোজক বিভূ দত্তই মঙলবাৰে তথ্যচিত্ৰখনৰ দৃশ্যগ্ৰহণৰ কাম শোভাৰম্ভ কৰে।
গোপীনাথ বৰদলৈৰ জন্ম হৈছিল ৰহাৰ পুৰণি চাৰিআলিত থকা ৰাজ্যিক চিকিৎসালয়ৰ চৌহদত। তাতেই তথ্যচিত্ৰখনৰ প্ৰাৰম্ভিক দৃশ্যাগ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে, গোপীনাথ বৰদলৈৰ স্মৃতি থকা সংগ্ৰহালয়ত তেওঁৰ বহু আপৰূগীয়া সম্পদ সংৰক্ষিত কৰা আছে। তাৰপৰাই এই চলচ্চিত্ৰখনৰ শোভাৰম্ভ কৰা হৈছে বুলি প্ৰযোজকে জানিবলৈ দিয়ে।
উল্লেখ্য যে, এই তথ্যচিত্ৰখন দূৰদৰ্শন অসমৰ জৰিয়তে সম্প্ৰচাৰ কৰা হ'ব। তথ্যচিত্ৰখনৰ পৰিচালক ধিৰাজ কাশ্যপ। ১৮৯০চনৰ ৬ জুনত গোপীনাথ বৰদলৈৰ জন্ম হৈছিল। ১৯৫০চনৰ ৫ আগষ্টত মৃত্যু হোৱা গোপীনাথ বৰদলৈ লোকপ্ৰিয় নামেৰে জনাজাত আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা গোপীনাথ বৰদলৈ আছিল স্বাধীনতা সেনানী।
কটন মহাবিদ্যালয় আৰু কলকাতা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা গোপীনাথ বৰদলৈৰ ১৯৯৯চনত মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান কৰা হৈছিল। নগাঁৱৰ ৰহাত জন্মগ্ৰহণ কৰা বৰদলৈৰ পিতৃৰ নাম আছিল বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃৰ নাম প্ৰাণেশ্বৰী বৰদলৈ। ৭ বছৰ বয়সলৈকে ৰহাতেই কটাইছিল বৰদলৈয়ে।
পিতৃৰ চাকৰি সূত্ৰে তাৰপাছত মঙলদৈ লৈ গৈছিল তেওঁলোকৰ পৰিয়ালটো। তেওঁ ১২ বছৰ বয়সতেই মাতৃৰ মৃত্যু হৈছিল। বিধৱা বায়েকে লালন পালন কৰি ডাঙৰ কৰিছিল বৰদলৈক। ১৯২২চনত বৰদলৈয়ে কংগ্ৰেছত স্বেচ্ছাসেৱী হিচাপে যোগদান কৰিছিল। আন্দোলনত অংশ লৈ এবছৰ কাৰাগাৰ খাটিছিল বৰদলৈয়ে। ১৮৩৮চনত বৰদলৈয়ে মুখ্যমন্ত্ৰী ৰূপে শপত লৈছিল।