/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/3d82b06e-d92b-43a8-b1e3-896dba2c12e3/AP_FORMAT_GOLPO.jpg)
- মুকুল গোস্বামী
দৰং কলেজৰ ফাইনেল ইয়েৰৰ আটাইকেইটা ষ্ট্ৰীমৰ বিশেষ কেইটামান ল'ৰা ছোৱালী মিলি পিকিনিক এৰেঞ্জ কৰিছে। মই শ্বিলঙত আছিলো । জৰুৰী ফোনত তেজপুৰ পালোহি। ইমান আদৰ সাদৰৰে জৰুৰীকৈ মতাৰ কাৰণ হ'ল ৪৮ টা লৰা-ছোৱালী আৰু প্ৰফেচাৰ ধৰা বাছ এখন কম ভাড়াত ঠিক কৰিব লাগিব। মই কাকো খাটিৰ নকৰি ASTC ৰ বাছ ঠিক কৰিলো । বহুত সস্তা। তেতিয়া কি.মি. হিচাপত ভাড়া। আজিকালি অহা যোৱা ট্ৰিপৰ পুৰা ভাড়া।
সময়ত সকলোবোৰৰ সিদ্ধান্ত মৰ্মে অৰুণাচলৰ নামনিৰ আটাইতকৈ ধুনীয়া পিকনিক স্পটটোলৈ গলো। সকলোবোৰ খাদ্য সম্ভাৰ জোখতকৈ বেছিকৈ লোৱা দেখি এজন বিশেষ কঞ্জুচ অধ্যাপকে আমাৰ কেপ্টেইনক বহুত গালি দি আছে । আৰম্ভণিৰে পৰা গালি। ইমান কমলা কিয় । কণী কম হলেও হল হয়। ৰাম ৰাম মাংস গোটেই তেজপুৰে খাব পাৰিব এই ধৰনৰ কথা। মোৰ মূৰ গৰম হৈ আছেই !
বালিপাৰাত সুধি সুধি এখন দোকানৰ পৰা পুৰিয়া মানে ভাং কিনি ললো। কেপ্টেইন হ'ল নিমাখিত প্ৰাণী। তাতে ফাইনেল আহি আছে। মোৰতো এইবোৰ নাই !! বচ পুৰা প্লেন মূৰত ফিট। পৰিস্কাৰ পাহাৰীয়া নদীৰ সৰগীয় সুন্দৰ স্পট পালো। ভাগে ভাগে সকলো কামত লাগিল। মই প্ৰফেচাৰ কেইজনৰ ওচৰলৈ গৈ কলো, "ছাৰ এতিয়া ফিকা চাহ ব্ৰেড বাটাৰ কণী হব। পিচত কমলা। ভাতৰ আগত পুনৰ এপেটাইজাৰ হিচাবে ফিকা চাহ অলপ অলপ। হ'ব নে !"
ছাৰহতে বৰ ভাল পালে। হ'ব হ'ব কলে। সকলো কামত লাগিল। ছোৱালীবোৰে পাচলি খিনি ৰেডী কৰিলে। হোষ্টেলৰ ৰান্ধনীয়ে মাছ মাংস ধুই-মেলি ভাজিবলৈ ললে ।
লগত ফ্ৰি যোৱা কলেজৰ ওচৰৰে এটাই সৰু চচপেনত চাহ কৰিলে ব্ৰেড বাটাৰ কণীৰে ফাৰ্ষ্ট ৰাউণ্ড চলি গ'ল। ছাৰহতে তাচ খেলি থাকিল। আমি দুটা মানে খৰি কাটি আনিলো। ঠিক ভাত খোৱাৰ আগত মই নিজে চাহ বনোৱাত লাগিলো সেই চচপেনত। উতলি থকা পানীত চাহপাত-চেনী দি বেলেগ এটা বাচনত অলপ বাকী থৈ পুনৰ অলপ চাহ জুইত বহালো। ছোৱালী কেইজনীক চিঞৰি সিহত অহাৰ আগতেই উতলি থকা চাহত ভাং অলপ দি দিলো। ছোৱালী বোৰৰ হতুৱাই চাহ দিব দিলো। কেপ্টেইনক মাতি বিশেষ চাহ খিনি মাগ আৰু গ্লাছ দি কঞ্জুচৰ ওচৰ পোৱালো। সকলোৱে চাহ খালে । কঞ্জুচে টেষ্ট পাই অলপ বেছিকৈ ললে। পুৰা ষ্টাইল দেখালে। আমি দূৰলৈ গৈ বালিত দৌৰি উৎপাত কৰি থাকিলো। অলপ পিচত খানা ৰেডী হ'ল। এতিয়া শাৰী শাৰীকৈ বালিত বহি খোৱাহে কথা ! ছাৰহতৰ বাবে পৃথকে বহাৰ ব্যৱস্থা কৰি দিলো। তেওলোকক দুজনী ছোৱালীয়ে সযতনে ভাত আদি দিলে। বাকী সকলোকে আমি চাৰিটাই বিলালো। খোৱা চলি আছে।
খানা এনে টেষ্টি যে সকলোৱে বেছি বেছি খাইছে…… কিন্তু ৰেকৰ্ড কৰিলে কঞ্জুচ ছাৰে……তেওঁ চিঞৰি চিঞৰি ক'লে, "ঐ মুুকুল মাংস দে। মাছ দে। কণী দে। ইমান কম আনিছ নে ?" লগৰ এটাৰ হতুৱাই সৰু চৰীয়া এটাত পুৰা খাহি মাংস ভৰাই ওচৰ পোৱাই দিলো। ৰাহুৱে গপা গপ ভাতে মাছে মাংসই পেটত সুমুৱালে। সকলোৱে ছাৰলৈ আচৰিত হৈ চাইছে কি হ'ল ? পেটত কুগ্ৰহ সোমাল নেকি ?
৪৫ মিনিট খাই উঠিল তেও 'প্ৰথম চ' ৰ দৰে পেট। আমি ভাত খাও মানে কঞ্জুচে মূৰত বালি সানিবলৈ ললে। কিন্তু ঘৰলৈ আনিবলৈ লোৱা ঔ টেঙা খুৱাই তেওক বহুৱালোহি। সকলোৱে ভয় খাইছিল। প্ৰফেচাৰ বোৰেও। মোক গহীন দেখি এজনে সুধিছিল মুকুল এইটো কি কথা ? মই লাহেকে কলো, "ছাৰ এইটোৰ নাম প্ৰফেচাৰ ভাং"
নামটো নকও। সাহিত্য সভাৰ লগত জড়িত মানুহ দেও !!