গল্প ৪ঃ অবৈধ

গল্প ৪ঃ অবৈধ
গল্প ৪ঃ অবৈধ

কি কাৰণতনো পেহীক ইমান দূৰলৈ বিয়া দিছিল, মই আজিও নুবুজিলো। অনবৰতে হাঁহি থাকিব জনা পেহীজনিৰ দেহ-মনতো সততে লাগি ৰৈছিল হাঁহিৰ সুগন্ধি। যেতিয়াই পেহীক কাষত পাইছিলো, মা-মা গোন্ধাইছিল তেওঁ। মই ওপজাৰ পাছতে মা গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পেহীয়ে মোক বুকুৰ ধন যেনেকৈ সামৰি ৰাখিছিল কাৰণেই চাগে। মোৰ ৫ বছৰমান বয়সলৈকে মই আৰু পেহী অভিন্ন আছিলো। পেহীকেই কিজানি মা বুলি অনুভৱ কৰিছিলো।মাজে মাজে মোক যেতিয়া মাৰ বিচনাৰ ওচৰলৈ কোনোবাই লৈ গৈছিল, যেতিয়া মায়ে মোক চুবলৈ হাত মেলিছিল, ত্ৰাসিত হৈছিলো, নহ’লে দৌৰি পলাইছিলো।

পিতা আছিল গুৰু-গম্ভীৰ ব্যক্তিত্বৰ মানুহ, মাতটোও আছিল ব্ৰজৰ দৰে। মই আঁতৰি ফুৰিছিলো। আঁতৰি ফুৰিছিলো মোৰ সহোদৰহঁতৰ পৰাও। পেহীয়েই আছিল মোৰ সমস্ত পৃথিৱী। ঢলপুৱাতে তেওঁ মোক মুকলিলৈ লৈ গৈছিল। ফিৰফিৰীয়া পুৱাৰ বতাহত পেহীৰ চুলি উৰিছিল, প্ৰায়ে তেওঁ পুখুৰীৰ দলঙত বহি বিপিনলৈ আক্ষেপ কৰিছিল। সি আমাৰ ঘৰৰ গৰখীয়া আছিল। দীন মানুহ। আমাৰ ঘৰৰ কৃপাতে সি জী আছিল যদিও ঘৰখনৰ কিছুমান দস্তুৰ সহ্য নকৰিছিল। তাৰে দুই এটা কথা মই বুজিব পাৰিছিলো। ধনী বা দুখীয়া, মানুহে নিজৰ চেষ্টাৰ বলতো হ'ব পাৰে ধনী আৰু মৌজমস্তি কৰি বা হিচাবত নচলিও মানুহ দুখীয়া হৈ পৰিব পাৰে। যি ঘৰ-মাটি লৈ আমাৰ ঘৰখনে গৰম দেখুৱায়, কাইলৈকে নোহোৱা হৈ যাব পাৰে বা বিপিনেই সদাগৰ হৈ যাব পাৰে। একো অসম্ভৱ নহয়। কখাবোৰ মই শুনিছিলো একেবাৰে আচৰিত হৈ। তাৰ বিপৰীতে পেহী আছিল পুৱাৰ বতাহজাকৰ দৰেই, নিৰ্মল। হয় হয়কৈ তেওঁ শলাগিছিল কেৱল। কেতিয়াবা বিপিনে জাতপাত-ধৰ্ম আদিৰ কথাও কৈছিল। সেই কথাবোৰৰ সৰহ ভাগেই পেহীয়ে তাৰ কোলাত মূৰ থৈ শুনিছিল। আমি পুখুৰী পাৰ হৈ শিমলুতলত ৰৈছিলোগৈ। মই গাগিনী ধৰিছিলো আৰু অলপ দূৰত নি এৰি থৈ আহিছিলো। কিছুমান সময়ত আমি তুলাবোৰ বুটলিছিলো, বিপিনে আমাক খেদাখেদি কৰিছিল, খেলটোত প্ৰায়ে পেহী তাৰ হাতত ধৰা পৰিছিল। তথাপি তেওঁ খিলখিলাইছিল আৰু সেই আনন্দৰ আলোকতে উজ্বলি ময়ো ঘাঁহনিত বাগৰি বাগৰি হাঁহিছিলো। বিপিনে মোক পিছে কেতিয়াও নধৰিছিল। কেৱল হাতৰ টিপতে জলফাই-বগৰী দি মনে মনে ৰ’বলৈ ইংগিত কৰিছিল।

আইতাই সদায়ে মোক সুধিছিল সেইদিনা পুৱা ক’লৈকে ফুৰিলো, আগদিনা ক’লৈ গৈছিলো। মোৰ উত্তৰ আছিল ঢেকীয়াফুল চাবলৈ গৈছিলো। খুন্দনাটোত হাত থৈয়ে আইতাই মোলৈ অবিশ্বাসৰ চাৱনি মাৰিছিল। কিন্তু জেৰা নকৰিছিল।

জেৰা কৰিছিল পেহীক। সেইদিনা ভয় নে আশংকাত পেপুৱা লাগি মই মাৰ বিচনাৰ কাষত ৰৈছিলোগৈ। ঘৰখনত মোৰ বাবে দুডোখৰেই নিভৃত স্থান আছিল, এডোখৰ মাৰ বিচনাৰ কাষ আৰু আনডোখৰ গোঁসাই-ঘৰ। তাৰ পৰা যে কোনেও কাকো চোঁচৰাই নিনিয়ে মই জানিছিলো। সেই নিভৃত ঠাইত কোনেও যে খং দেখুৱাব নোৱাৰে, বুজিছিলো। তাকে কিন্তু পেহীয়ে নুবুজিছিল, নিভৃত স্থান বিচাৰি বতাহ এচাটি হৈ তেওঁ পুখুৰীতে জাপ মাৰি দিছিলগৈ।

তেতিয়া আছিল মাজনিশা।

সদায়ে পেহীৰ গাতে লাগি শোও, গমকে নাপালো কেতিয়ানো উঠি গুচি গ’ল, একধৰণৰ হেচা মাৰি ধৰা হুলস্থূল এটাত টোপনি ভাগিছিল মোৰ। কাষত পেহী নাই। কোঠা অন্ধকাৰ। দুৱাৰো জপোৱা। বন্ধ দুৱাৰত ঠেলাঠেলি কৰি যেতিয়া বাহিৰ হ’লো, এটা অদ্ভুত গেঙনি শুনিছিলো। মতা মানুহৰ যন্ত্ৰণাৰ গেঙনি। ক’তো কোনো নাছিল, আইতাৰ কোঠাত সামান্য পোহৰ। তালৈকে গ’লো, পেহী বাগৰি আছিল আইতাৰ বিচনাত, আইতা নাছিল তাত।

মই উৰা মাৰি পেহীৰ গাতে পৰিলোগৈ। তোতিয়া তেওঁ আছিল পানীৰ পৰা উঠি অহা মানুহ, ভিজি আছিল। কঁপি আছিল। মই তেওঁক সাবটি ধৰিলো।

তেৱোঁ।

আমি কোনেও এষাৰো মাত নামাতিলো, কেৱল শুনি থাকিলো নিশাৰ নিস্তব্ধতাক খণ্ড খৎ কৰা কাৰোবাৰ অদ্ভুত গেঙনি। সেই গেঙনি কাৰ, সেয়া যে বিপিন, মোৰ বুজিবলৈ বাকী নাছিল আৰু!

লাহে লাহে পোহৰ হৈ আহিছিল পৃথিবী। পেহীক এৰি মই বাৰান্দা আৰু তাৰপৰা চোতাল পাৰ হৈ বিপিনৰ ঘৰৰ ফালে আগুৱাইছিলো। নাঃ তাতো কোনো নাছিল, বাহৰ দুৱাৰ খোলা অছিল, ভিতৰত চাকি এগচি তেতিয়াও জ্বলি আছিল।

মই আজিও নুবুজিলো, সেইদিনা বিপিনৰ লগতনো কি সংঘটিত হৈছিল আৰু এই বিশাল বিশ্বৰ কোনটো কোণলৈ গুচি গৈছিল সি।

বিপিন অন্তৰ্দ্ধান!

পেহীক কিমান সুধিছিলো, তেওঁ নিৰ্বিকাৰ। ঘৰৰ লগুৱাহঁতকো সুধিলো, নাজানে কোনেও। দিনকদিনে পেহী মৰহি গৈ থাকিল। মই গাগিনী ধৰি আনি উপহাৰ দিওহি। পুৱা শিমলুতলত গৈ দুয়ো বহি ৰওতে বিপিনৰ দৰে খেলিবলৈ চেষ্টা কৰো, একোতে পেহীৰ মুখ আলোকিত নহয়।

পেহীৰ হাঁহি নোহোৱা হৈ গ’ল।

পেহীৰ সৌন্দৰ্যও নোহোৱা হৈ গ’ল।

কিন্তু এদিন কেইজনমান আলহী আহিল, মই নতুনকৈ স্কুললৈ যাবলৈ লৈছো তেতিয়া, দুপৰীয়া আহি দেখোঁ যে ঘৰত সামান্য উখলমাখল আনকি সেইদিনা মাকো দেখিলো বিচনা এৰি উঠি অহা।

আলহীসকলে আকৌ হাঁহি হেৰুওৱা পেহীক বৰ ভাল দেখিলে আৰু সেন্দুৰ পিন্ধাই গ’ল।

তাৰ পাছৰ পৰা আমাৰ ৰাতিপুৱা ফুৰা বন্ধ। মোৰ লগত সময় কটাবলৈকে পেহীৰ সময় নোহোৱা হ’ল। কেৱল ৰাতিহে মোক গভীৰ মমত্বৰে বুকুত সাবটি কয় ভালকৈ থকাৰ কথা।

ঘৰখনে মোক পেহীৰ লগৰ পৰা যেন আঁতৰাব খুজিছিল। পিতাইতো একেবাৰে হুকুম দি দিছিল মোক মাৰ লগত শুবলৈ। নিজৰ সৰু গাৰুটো লৈ মই মাৰ বিচনাৰ একাষে ৰৈছিলোগৈ, মায়ে মোলৈ চাই আহ বুলিও মাতিছিল।

...কিন্তু এখোজো আগুৱাব পৰা নাছিলো, চকু পানীৰ নৈহে বাগৰিছিল যেন!

মায়ে হাতখন মেলিও কোছাই নি কৈছিল-

“তাতে শোগৈ বাৰু যা।”

একেবাৰে অনুচ্চ-অস্পষ্ট মাত। কিন্তু মই স্পষ্টকৈ শুনা পাইছিলো আৰু পিতাৰ ফালে চাইছিলো। মাৰ বহল পালেঙৰ সিটো কাষে তেওঁ নিজৰ গাৰু পোনাইছিল।

ঘপকৈ উভতি দিলো।

উভতিয়েই দৌৰ।

একেদৌৰে পেহীৰ কোঠা পাইহে তৎ পাইছিলো। তাৰপাছৰ আৰু তিনিটা নিশা কোনেও মোক পেহীৰ লগৰ পৰা আঁতৰোৱাৰ অভিসন্ধি নৰচিলে।

কিমান যে স্বস্তিৰ সময় আছিল সেয়া।

ভাবিছিলো জীৱন এনেকৈয়ে যাব। নগ’ল। বেণ্ডপাৰ্টী বাজিল, মানুহ আহিল আৰু পেহী যাবলৈ সাজু হ'ল। আগনিশা মোক ক'লে-

“কাইলৈৰ পৰা নবৌৰ লগত শুবি। মই যামগৈ নহয়!”

“কিয়? কিয় যাৱগৈ?”

“নবৌ যেনেকৈ মাকৰ ঘৰ এৰি ককাইদেউৰ লগত আছেহি, ময়ো তেনেকৈ থাকিবগৈ লাগিব।”

মই গভীৰ চিন্তাত পৰিলো। চিন্তা এখন বৰ দ্ৰুতবেগী নদী। সেই নদীত কেইবাবাৰে বান আহে। কিন্তু এইবাৰ পকনীয়া আহিল। পকনীয়াত পৰি মই জোলোকাজোলোকে পানী খালো, মৰো-জীওকৈ কোনোমতে সুধিলো-

“আৰু কেতিয়াও নাহ’? একেবাৰে যাবিগৈ?”

“আহি থাকিম।”

“কিন্তু কিয়, কিয় যাব লাগে তই?”

মই কান্দি পেলালো। পেহীয়ে মোৰ গা-মূৰ মোহাৰি নিদিলে, নক’লে শুই থাক বুলি। বেৰৰ ফালে মুখ কৰি শুই থাকিল। তেওঁ কি ভবিছিল নাজানো, কিন্তু কন্দা নাছিল যে সঠিক।

তাৰপাছত পেহী গ’লগৈ।

শিমলুতলৰ ঘাঁহনিত বাগৰাদি থকা চোতালখনতে বাগৰি বাগৰি কান্দিলো মই। মায়েও কান্দিলে। আইতায়ো।

ঘৰখনত পিতাকে আদি কৰি কেইবাজনো পুৰুষ আছিল, কাকো কন্দা নেদেখিলো। আইতাৰ দুখ, মাৰ বিষাদতকৈও মোৰ যন্ত্ৰণা আছিল বেছি।

গছৰ ওপৰৰ পৰা চৰাই এজনী গুচি গৈছিল, তাইৰ আটোমটোকাৰী বাহ এৰি। ক’লৈনো গ’ল, কেতিয়ানো উভতিব, বাহত এৰি যোৱা পোৱালিয়ে একো নাজানে।

সেই পোৱালিটো মই।

কেৱল চাই ৰও পেহী গুচি যোৱা বাটলৈ। আইতাক সোধো, কয়-

“তাই নিজৰ ঘৰলৈ গ’ল। ছোৱালী মানুহৰ আচল ঘৰ সেইখনহে।”

মই ঠিক বুজিব নোৱাৰো।

মাক সোধো, কয়-

“ধুবুৰীলৈ”।

সেয়াও নুবুজো। তাৰ পাছত যেতিয়া ভূগোলৰ সামান্য জ্ঞান চপাবলৈ ল'লো, বুজিলো যে বহুমাইল দূৰৈত সেই ঠাই। গাঁৱৰ মানুহবোৰে আইতাক কোৱা শুনো-

“হ’ল বুলিনো নিজৰ পেটৰ পোৱালিক ইমান দূৰলৈ পঠাব লাগেনে? একেবাৰে কোনোবা ধুবুৰী পোৱালেগৈ মানে!”

আইতাৰ মাত নোলায়, চকুজুৰি চলচলীয়া হৈ আহে কেৱল।

মই সেই আইতাৰ লগ ল'বলৈ ল'লো। ঘোষা শুনি শুনি টোপনি যাবলৈ ল'লো। দোকমোকালিতে উঠি চৰাইৰ বাবে খুদকণ যুগুতাবলৈ ল'লো। মেজত বহি পঢ়িবলৈ ল'লো।

তথাপি পেহীক বিচাৰি মনে নহয় মোৰ প্ৰাণে হাঁহাকাৰ কৰে। বিপিন য’ত আছিল, ঘৰটো ভাঙি পেলোৱা হৈছিল, তাত ডাঙৰ ডাঙৰ দুটা খেৰৰ মেজি, তাতে মুখ গুজি গুজি কান্দো মই। পেহীয়ে যিবোৰ কাপোৰকানিত তেওঁৰ নিযাৰ্স লগাই থৈ গৈছিল, লাহে লাহে সেইবোৰো নোহোৱা হৈ আহিছিল।

ক’তো নাছিল তেওঁ।

কেনিও।

এদিন দেখিলো পেহীক। এজন মানুহৰ লগত অহা, কোলোত কেঁচুৱা।

সকলোৱে তেওঁলোকক আদৰ সাদৰ কৰি বেৰি ধৰিছিল, সেই বৃত্তত ময়ো সোমাই পৰিছিলো, পেহীৰ মুখত হাঁহি নাই, চকুপানী নাই, কিবা এক অসন্তোষত কেঁচুৱাটোকে থেকেচনেকেচ কৰিছে।

নাই নাই মোৰ সাহস নহ’ল তেওঁৰ কাষ চাপিবলৈ। পেহী সম্পূৰ্ণ সলনি হৈ গৈছিল। হাতত দুপাতমান ৰঙা বগা খাৰু আৰু কপালত ডাঙৰ সেন্দুৰৰ ফোঁট।

পেহীৰ মুখত হাঁহি নাই, শৰীৰত জেউতি নাই।

মোক বুকুত শোকে খুন্দা মাৰি ধৰিলে। লগত অহা মানুহটোলৈ চালো, পিতাক তেওঁৰ নিজৰ কষ্টকৰ জীৱনৰ বৰ্ণনা দি আছিল।

মাইকণ নামৰ এজনী তিৰোতাই অনবৰত মাৰ আলপৈচান ধৰিছিল, তাই ক’লে-পেহীক সকলোৱে পানীত পেলালে, অভাবত মৰিব এতিয়া, কোলাত এটা, পেটটো এটা নুবুজিলো। কিন্তু কিবা যে সুখকৰ নহয়, সঠিক বুজিব পাৰিছিলো।

পেহীয়ে মোক কাষলৈ মাতিলে, কোলাৰ কেঁচুৱা কাষত থৈ মোক সাবটি ধৰি থাকিল, এটা কথাকে কেইবাবাৰো ক’লে-

“ভালকৈ পঢ়া-শুনা কৰিবি... ডাঙৰ মানুহ হ’ব লাগিব... ইয়াৰ পৰা ওলাই যাব লাগিব তই... নহ’লে নিস্তাৰ নাই..।”

মই কাণ-মূৰ জোকাৰিছিলো। একেটা কথাতে লাগি ৰ’লো, তেওঁ চিৰদিন ইয়াতে থাকি যাবনে?

তেওঁ যেন নুবুজিলে।

যেন নুশুনিলেই।

অহাৰ দৰেই গ’লগৈ। চকুপানী টুকি আইতাই ক’লে-

“তাইৰ সেইখনহে ঘৰ। ঘৰ এৰি ইয়াত সদায় থাকিব নোৱাৰে নহয়!”

সেইৰাতি মই সপোনত দেখিলো আইতাৰ কোঠাৰ খিৰিকীৰে বিজুলীৰ শৰ, পোহৰৰ শৰ, এপাট কঁপি কঁপি খিৰিকীৰে সোমাই আহিছে আৰু মই শোৱাৰ পৰা উঠি বহিছো বিচনাতে, আশ্বৰ্যকিত হৈ দেখিছো দীঘল বগা গাউন পিন্ধা পৰী এজনী হৈ গৈছে সেই পোহৰৰ শৰপাট আৰু দেখিছো সেয়া কোনো সাধুকথাৰ পৰী নহয়, মোৰ পেহী।

মই কঁপি উঠিছো আৰু পাছদিনা খবৰ আহিছে যে ধুবুৰীলৈ গৈ থকা ৰাতিৰ ৰে'লত পেহীৰ মৃত্যু ঘটিছে।

ঘৰখন ছেদেলীভেদেলী হৈ পৰিল।

মূহুৰ্ততে।

পিতাহঁতে ঢাপলি মেলিলে আৰু এদিনৰ পাছত পেহীৰ কেঁচুৱা লৈ উভতি আহিল। মাইকণে কেঁচুৱাটি মোৰ কোলাত দি ক’লে-

“নেপেলাবা কিন্তু লৈ থকা।“

মই লৈ থাকিলো। কাপোৰেৰে মেৰিওৱা অকণমাণি কেঁচুৱা এটি কোলাত লৈ জঠৰ হৈ বহি থাকিলো মই। ঘৰখনৰ শোকাকুল পৰিৱেশৰ মাজত কেঁচুৱাটিয়েও নিতাল মাৰিছিল। লাহে লাহে মই কিবা এটা যেন চিনাকী সুবাস উশাহত উজাবলৈ ল'লো অৰু হঠাতে উপলব্ধি কৰিলো যে কেঁচুৱাটিৰ ফালৰ পৰাই বিয়পি পৰিছে মোৰ অতি পৰিচিত পেহীৰ দেহমনৰ সেই প্ৰাচীন সুগন্ধি।

কেঁচুৱাটিলৈ চালো।

এইবাৰ মোৰ জঠৰতা ভাগি গ’ল। চূৰ্ণ-বিচূৰ্ণ হৈ গলো মই, যেতিয়া দেখিলো কেঁচুৱাৰ মুখখন দেখাত সাইলাখ বিপিনৰ মুখৰ দৰে অবিকল একে।

গল্প ৪ঃ অবৈধ
গল্প ৩ : কলিং বেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in