উৰিয়ামঘাটৰ ধুপগুৰীত ছাত্ৰ দিৱস পালন...

শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উৰিয়ামঘাটৰ ধুপগুৰীত ছাত্ৰ দিৱস পালন

author-image
Asomiya Pratidin
New Update
উৰিয়ামঘাটৰ ধুপগুৰীত ছাত্ৰ দিৱস পালন...

ডিজিটেল সংবাদ, উৰিয়ামঘাট: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ধুপগুৰীত গোলাঘাট জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নাম্বৰ আঞ্চলিক সমিতিৰ সহযোগত ছাত্ৰ দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰৰ সিদ্ধান্ত মৰ্মে বড়ো জাতিৰ পিতৃপুৰুষ বডোফা উপেন্দ্ৰ নাথ ব্ৰক্ষ্মৰ জন্ম দিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰা হৈছে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন আৰু স্মতি তৰ্পন কৰে ক্ৰমে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় ব্ৰক্ষ্ম আৰু বড়ো সাহিত্য সভাৰ ধনশিৰি জিলা সমিতিৰ সভাপতি বিবেকানন্দ বসুমতাৰীয়ে। ধুপগুৰী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী বিচিত্ৰা বৰুৱাই বৃক্ষ ৰোপন কৰাৰ পিছতেই নিখিল বড়ো ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি সঞ্জয় ব্ৰক্ষ্মৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হয়।

মুকলি সভা উদ্বোধন কৰে এবছুৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক বিৰখাং নাৰ্জাৰীয়ে। সভাত মুখ্য অতিথি হিচাপে বড়ো-কছাৰী স্বায়ত্ত্ব কল্যান পৰিষদৰ সদস্য প্ৰদীপ স্বৰ্গীয়াৰী উপস্থিত থাকে। উল্লেখ্য যে, অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আবছুৰ ৰঙ্গমঞ্চৰ আধাৰশিলা উন্মোচন কৰে প্ৰদীপ স্বগীয়াৰীয়ে।

Also Read: অসমীয়া খাদ্য খাই বিচাৰকৰ প্ৰশংসা: ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল নয়নজ্যোতি...

Chatra Diwas