অৱসৰ প্ৰাপ্ত শিক্ষক, লেখক মহেন শইকীয়াৰ দুখন গ্ৰন্থ আৰু তথ্যচিত্ৰ উন্মোচন

দ্বিতীয়খন গ্ৰন্থ "গোলাঘাট জিলা আৰু পৰ্যটন" গ্ৰন্থখন উন্মোচন কৰে কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পূৰ্ণ কান্ত বৰুৱাই।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, বোকাখাত:    বোকাখাত সমজিলা মহুৰা মৌজা অন্তৰ্গত কমাৰগাঁৱৰ বৰদিহিঙ্গীয়া গাঁৱৰ ঘনকান্ত শইকীয়া আৰু তিলেশ্বৰী শইকীয়া সোঁৱৰণী গ্ৰাম্য পুথিভঁৰালৰ প্ৰাঙ্গনত অনুষ্ঠিত ৰাজ্যিক আদৰ্শ শিক্ষক বঁটা প্ৰাপক, জেষ্ঠ সাংবাদিক তথা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াৰ দুখন গ্ৰন্থ আৰু এখন তথ্য চিত্ৰ কালি উন্মোচন কৰা হয়।

অনুষ্ঠানটো আঁত ধৰে কমাৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন কাকতিয়ে। প্ৰথমখন গ্ৰন্থ "শিক্ষক আৰু মূল্যবোধৰ শিক্ষা" উন্মোচন কৰে কমাৰগাঁও মহাবিদ্যালয় অধ্যক্ষ ড০ গৌতম কুমাৰ শইকীয়াই। দ্বিতীয়খন গ্ৰন্থ "গোলাঘাট জিলা আৰু পৰ্যটন" গ্ৰন্থখন উন্মোচন কৰে কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পূৰ্ণ কান্ত বৰুৱাই।

"নুমলীগড় আৰু পৰ্যটন" শীৰ্ষক তথ্যচিত্ৰখন  উন্মোচন কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থা সভাপতি জিতু শৰ্মা ৰাজখোৱাই।বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ  সভাপতি  বুবুল দত্ত,জেষ্ঠ সাংবাদিক নিলু আচাৰ্য।

বিশিষ্ট অতিথি বুবুল দত্তই বক্তব্যত শিক্ষক আৰু মূল্যবোধৰ শিক্ষাʼ গ্ৰন্থখন অসমৰ প্ৰতিখন বিদ্যালয়ত পাঠ্যপুথি হিচাপে অন্তৰ্ভুক্ত কৰিব বাবে উপস্থিত দল -সংগঠন আৰু বৌদ্ধিক সমাজক শিক্ষা বিভাগক দাবী জনাবলৈ আহ্বান জনায়।

 কমাৰগাঁও মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক জীতেন বৰাই কয় ঘনকান্ত শইকীয়া আৰু তিলেশ্বৰী শইকীয়া গ্ৰাম্য পুথিভঁৰালৰ সকলো তথ্য সহজতে উপলব্ধ হ'ব পৰাকৈ এটা ৱেবছাইট খুলিব বাবে পৰামৰ্শ আগবঢ়ায়। মহেন শইকীয়াৰ মুঠ ১৬ খন ইতিমধ্যে প্ৰকাশ হৈছে। অনুষ্ঠানত অৱসৰ প্ৰাপ্ত শিক্ষক অতুল গগৈ,পূৰবী ফুকন,হেমপ্ৰভা সন্দিকৈ,শিক্ষক যতিন লইং,ইভান লইং, মালবিকা হাজৰিকা আদি উপস্থিত থাকে।

বোকাখাত