/asomiyapratidin/media/media_files/2025/04/24/ZikK1DNGjYlzyGZNvflP.jpg)
ডিজিটেল সংবাদ উৰিয়ামঘাটঃ জন্মু-কাশ্মীৰত পৰ্যটকলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে কৰা গুলী চালনাত প্ৰাণ হেৰুৱালে ২৭ গাৰকী পৰ্যটকে। পেহেলগামৰ সেই ঘটনাই সমগ্ৰ দেশক শোকস্তব্ধ কৰি তোলাৰ সমান্তৰালকৈ সন্ত্ৰাসবাদক একেমুখে সকলোৱে গৰিহণা দিছে।
পাকিস্তান সমৰ্থিত লস্কৰ-ই-তৈবাৰ এটা গোটে সংঘটিত কৰা এই জঘন্য আক্ৰমণৰ আজি প্ৰতিবাদ সাব্যস্ত কৰে উৰিয়ামঘাট আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই। তাৰোপৰি উৰিয়ামঘাটত এক বন্তি প্ৰজ্বলন কৰি মৃতকৰ আত্মাৰ শান্তিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰে।
উক্ত কাৰ্যসূচীত গোৰ্খা ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি কৰ্ণ সিং লিম্বু,জিলাৰ উপ সভাপতি দ্যুযোধন লিম্বু, উৰিয়ামঘাট আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি প্ৰকাশ ৰায় আৰু সম্পাদক ৰচন আলে, ভাৰতীয় গোৰ্খা পৰি সংঘৰ গোলাঘাট জিলা সমিতিৰ সভাপতি গেনিন্দ্ৰ ছেত্ৰী, উৰিয়ামঘাট প্ৰেছ ক্লাৱৰ সভাপতি প্ৰতাপ গগৈ,আটাছুৰ জিলা সমিতিৰ উপ সভাপতি অনন্ত গগৈ,শিক্ষক ছবিৰাম শইকীয়া আৰু বিমান গগৈ, ৰোহিনী গগৈ উপস্থিত থাকে।