ডিজিটেল সংবাদ, গোলাঘাট : আজি ২৪ অক্টোবৰ। এই দিনটোত উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় হলৌ দিৱস (International Gibbon Day) হিচাপে । উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু তিনিচুকীয়াৰ বাৰেকুৰিত দুষ্প্ৰাপ্য তথা বিৰল প্ৰজাতিৰ হলৌ বান্দৰ (Hoolock Gibbon) পোৱা যায় বুলি অসম তথা ভাৰতৰ লগতে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো জনাজাত।
কিন্তু এই তিনিচুকীয়া জিলাৰে কাকপথাৰৰ কাছিজান গাঁৱতো যে হলৌ বান্দৰ পোৱা যায়, এই কথা একেবাৰে কম সংখ্যক লোকেহে জানে। কেৱল সেয়াই নহয় তিনিচুকীয়াৰ বৰাজান বন্যপ্ৰাণী অভয়াৰণ্য, ১ নং নলনী গাঁও, ডাঙৰী বনাঞ্চলতো হলৌৰ অৱস্থিতি পোৱা যায়।
অসমৰ প্ৰেক্ষাপটত কাছিজানৰ এই হলৌ বান্দৰে বহু বছৰ পূৰ্বে চৰ্চা লাভ কৰিছিল। যদিও ইয়াৰ ওপৰত চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষ, পৰিৱেশকৰ্মী, প্ৰাকৃতিক পৰিৱেশৰ লগত জড়িত দল-সংগঠন, সংস্থা আদিয়ে আওকাণ কৰাৰ বাবেই কাছিজানৰ দুষ্প্ৰাপ্য হলৌ বান্দৰ আজিও অৱহেলিত হৈ ৰৈছে।
সম্প্ৰতি, অতি তাৎপৰ্যপূৰ্ণ কথা এয়ে যে, ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত কুমচাং চাহ বাগিচা, কাছিজান গাঁৱৰ গাতে লাগি থকা কাছিজান সংৰক্ষিত বনাঞ্চলত গছ-গছনি কটা প্ৰতিযোগিতা চলিছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বন ৰক্ষাৰ বাবে থকা বন বিভাগৰ কিছু কৰ্মচাৰীয়েই বনাঞ্চলখনৰ গছ কাটি এক প্ৰকাৰৰ ব্যৱসায়ত নামিছে।
উল্লেখ্য যে, কাছিজান সংৰক্ষিত বনাঞ্চলৰ দাঁতিকাষৰীয়া গাঁও কাছিজানত বৰ্তমান ৬ টাকৈ হলৌ বান্দৰ বিচৰণ কৰি ফুৰা তথ্য পোৱা গৈছে। অতি শেহতীয়াকৈ ২৩ অক্টোবৰৰ দিনা গাঁৱৰখনৰ নৰেন্দ্ৰ মৰাণৰ বাৰীত তিনিটা হলৌ বান্দৰে বিচৰণ কৰা প্ৰত্যক্ষ কৰে তিনিচুকীয়া জিলাৰ যুৱ-পৰিৱেশকর্মী তথা সংবাদকৰ্মী পাপুল গগৈয়ে।
এইক্ষেত্ৰত পাপুল গগৈয়ে নৰেন্দ্ৰ মৰাণক সোধাত নৰেন্দ্ৰ মৰাণে কয়- "কাছিজান গাঁও প্ৰতিষ্ঠা হোৱাৰ আগৰে পৰা অৰ্থাৎ ১৯০৩ চনৰ আগৰ পৰাই হলৌ বান্দৰ আছিল। এই হলৌ বান্দৰ আৰু কাছিজান গাঁৱবাসীৰ মাজত আছে এক নিবিড় সম্পৰ্ক।"
পাপুল গগৈয়ে এই সন্দৰ্ভত গাঁৱখনত চলাই এক ক্ষেত্ৰভিত্তিক অধ্যয়নো। এইক্ষেত্ৰত গাঁওখনৰ দুই যুৱক সপোনজ্যোতি মৰাণ আৰু কনক মৰাণৰ লগতে তিনিচুকীয়া লিহিৰি ইক' ক্লাবৰ সম্পাদক সোনজিত মৰাণেও সহযোগিতা আগবঢ়ায়।
উক্ত ক্ষেত্ৰভিত্তিক অধ্যয়নত লাভ কৰা তথ্য অনুসৰি, ২০২২ ত ধুমুহাত গছ পৰি এটা, ২০২৩ চনৰ ৩ জুনত উচ্চ ক্ষমতাৰ বিদ্যুত পৰিবাহী তাঁৰত লাগি কৰুণভাৱে মৃত্যু হৈছিল আন এটা হলৌ বান্দৰৰ। দুষ্প্ৰাপ্য হলৌ বান্দৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছিল কাছিজানবাসী।
উল্লেখ্য যে, অসমৰ সমাজত মানুহৰ মৃত্যু হ’লে যেনেকৈ নিয়ম অনুসৰি তিনিদিনত তিলনি, দহ দিনত দহা, আদ্যশ্ৰাদ্ধ আদি পতা হয় ঠিক তেনেকৈ হলৌ বান্দৰৰ মৃত্যুৰ তিনিদিনৰ দিনাও অৰ্থাৎ ৫ জুনত শোকস্তব্ধ কাছিজানবাসীয়ে মৃত হলৌৰ আত্মাৰ মুক্তি কামনা কৰি পালন কৰিছিল শ্ৰাদ্ধ।
কাছিজানত থকা হলৌ বান্দৰসমূহ সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে। এই সংৰক্ষণৰ দ্বাৰাই হলৌ বান্দৰৰ ওপৰত ভিত্তি কৰি ইয়াক পৰ্যটনৰ স্থলী হিচাপে গঢ় দিলে বৃহত্তৰ অঞ্চলটোৰ অঞ্চলৰ বহু যুৱক-যুৱতীয়ে নিশ্চিতভাৱে ইয়াক কৰ্মসংস্থাপনৰ দিশ হিচাপে ল’ব পাৰিব। নিবনুৱা সমস্যাৰো কিছু সমাধান হ'ব।
কাছিজান সংৰক্ষিত বনাঞ্চলত হাতী, ছাগলী পহু, বাঘ আদি বিভিন্ন জীৱ-জন্তু পোৱাৰ উপৰিও অসমৰ ৰাজ্যিক তথা জাতীয় গছ হোলোং, দুষ্প্ৰাপ্য লাজুকী বান্দৰ, চৰাই, পখিলা, বিভিন্ন বনৌষধ, গছ-গছনি, অৰ্কিড ইত্যাদি পোৱা যায়। সেয়ে, এই বনাঞ্চলখন প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত যথেষ্ট চহকী আৰু ই অতি মূল্যৱান বনাঞ্চল হিচাপে পৰিচিত।
ইয়াক সংৰক্ষণ কৰাতো অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ যথেষ্টখিনি কৰণীয় আছে। কাছিজানৰ হলৌ বান্দৰক চৰকাৰে গুৰুত্ব দিবনে? ই পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।