/asomiyapratidin/media/media_files/2025/09/25/1-2025-09-25-18-51-24.jpg)
ডিজিটেল সংবাদ,বোকাখাতঃ অসমৰ আটাইতকৈ মূল্যবান সম্পদ হিচাপে চিহ্নিত হোৱা, অসমবাসীৰ হিয়াৰ আমঠু জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যু অসমৰ প্ৰতিজন ব্যক্তিৰ বুকুত অশেষ বেদনা আৰু ক্ষোভৰ সঞ্চাৰ কৰিছে। যদিও অসম চৰকাৰে ইতিমধ্যে CID আৰু এখন SIT ৰ সমিতিৰ দ্বাৰা গোটেই ঘটনাৰ তদন্তৰ দায়িত্ব দিছে কিন্তু এই সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পিণ্টু গগৈয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে।
বিবৃতিত কয় যে, অসমবাসীয়ে বিশ্বাস কৰে যে এই জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাটোৰ সঠিক উন্মোচন আৰু ন্যায়িক ফলাফল প্ৰদান কৰিবলৈ স্থানীয় তদন্তকাৰী সংস্থা বা ৰাজ্য চৰকাৰৰ ওপৰত ভৰসা কৰাৰ সময় অতিক্ৰম হৈ গৈছে। কাৰণ অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু অন্যান্য নাম উথ্থাপন হোৱা সংশ্লিষ্ট অভিযুক্ত সকলৰ উচ্চ পদস্থ ৰাজনৈতিক ব্যক্তিৰ সৈতে গভীৰ সুসম্পৰ্ক আছে বুলি ইতিমধ্যে ৰাইজৰ মাজত চৰ্চা হৈছে।
এই পৰিপ্ৰেক্ষিতত, প্ৰমাণ সঠিকভাৱে সংগ্ৰহ কৰি ন্যায়ৰ পথত কোনো বাধা সৃষ্টি নোহোৱাকৈ ন্যায়িক স্বচ্ছতা নিশ্চিত কৰিবলৈ একমাত্ৰ উপায় হ’ল কেন্দ্ৰীয় তদন্ত সংস্থা CBI ৰ দ্বাৰা তদন্ত। কিন্তু এই তদন্তও সংস্থাৰ সীমিত ভূমিকা হৈ নাথাকিব লাগে ইয়াৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নিৰীক্ষণ তথা পৰ্যবেক্ষণ থাকিব লাগিব তেতিয়াহে খলনায়কৰ সুৰক্ষা, ৰাজনৈতিক প্ৰভাৱ বা অর্থশক্তিৰ দৌৰ একো নোহোৱাকৈ সত্য উন্মোচিত হ’ব।
জুবিন গাৰ্গক প্রকৃত ন্যায় প্ৰদান কৰা সম্ভৱ হ’ব বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে মন্তব্য কৰে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নিৰীক্ষণত CBI ক দিবলৈ দাবী উত্থাপন কৰে লগতে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু আন আন নাম উত্থাপন হোৱা সকলোকে চোচৰাই গ্ৰেপ্তাৰ কৰিবলৈও দাবী উত্থাপন কৰে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাকে নকৰি অসমবাসীৰ ধৈৰ্য্যৰ পৰীক্ষা নল'ব বুলিও বুলি সকিয়নী দিয়ে।
লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা দিয়া এই বিবৃতিত কয়, জুবিন গাৰ্গ জীৱন্ত বিপ্লৱৰ প্ৰতীক। তেওঁক বিদায় ক’বলৈ অসমবাসীৰ আজিও সাহস হোৱা নাই। তেওঁক অসমবাসীয়ে বিদায় নিদিয়ে-নোৱাৰে! বিদ্ৰোহৰ মাটিত শপত লৈ অসমবাসীয়ে তেওঁক চিৰজীৱি কৰি ৰাখিব আলফুলে,বুকুৰ উমেৰে।
জুবিনবিহীন অসম মানেই আকাশহীন সূৰ্য, নদীহীন মাটি, স্পন্দনহীন জীৱন। সেই বাবে, জুবিন গাৰ্গক ন্যায় দিব পাৰিলেহে প্ৰকৃতাৰ্থত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হব; নহ’লে ইতিহাসে কোনোকালেই অসমবাসীক ক্ষমা নকৰিব বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই বিবৃতিত উল্লেখ কৰে।
লগতে এই পৰিস্থিতিত সমগ্ৰ অসমবাসীয়ে একত্ৰিত হৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নিৰীক্ষণত CBI ৰ দ্বাৰা জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পূৰ্ণাঙ্গ তদন্তৰ দাবী উত্থাপন কৰাটো সময়ৰ দাবী। এই সংগ্রাম কেৱল এজন শিল্পীৰ ন্যায়ৰ দাবী নহয়, ই অসমীয়া জাতিৰ সততা, ন্যায় আৰু ন্যায্যতাৰ প্ৰতিকী সংগ্রাম। কেৱল শুদ্ধ আৰু স্বচ্ছ তদন্তৰ জৰিয়তে সত্য উন্মোচিত হ’ব আৰু অসমবাসীয়ে জুবিন গাৰ্গক প্রকৃত ন্যায় প্ৰদান কৰিব পাৰিব।