ৰঙাগড়াত মেধাৱী ছাত্ৰৰ আকস্মিক মৃত্যু

ৰঙাগড়াত মেধাৱী ছাত্ৰৰ আকস্মিক মৃত্যু

author-image
Asomiya Pratidin
New Update
ৰঙাগড়াত মেধাৱী ছাত্ৰৰ আকস্মিক মৃত্যু

ডিজিটেল সংবাদ,বোকাখাত : বোকাখাতৰ দুসুতিমুখ গাঁও পঞ্চয়তৰ অন্তৰ্গত ৰঙাগড়াত শোকাৱহ ঘটনা। বৃহস্পতিবাৰে ৰঙাগড়াৰ ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰ কৌশিক বৰাৰ আকস্মিকভাৱে মৃত্যু হয়।

অতি অমায়িক,মেধাৱী আৰু প্ৰতিভাশালী অভিনেতা বুলি পৰিচয় দিবলৈ সক্ষম হোৱা কৌশিকে বৃহস্পতিবাৰে চাইকেল চলাই আঁহোতেই হঠাৎ অচেতন হৈ পৰে। ইয়াৰ পিচতে তেওঁক ততাতৈয়াকৈ যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

উল্লেখযোগ্য যে কৌশিক বৰাই বিদ্যায়তনীকভাৱে মেধাৰ পৰিচয় দিয়াৰ লগতে মঞ্চ অভিনয়ৰ ক্ষেত্ৰতো বিশেষ পাৰদৰ্শীতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। তেওঁ অধ্যয়ন কৰা ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ে আয়োজন কৰা নাট কৰ্মশালাৰ ২০২২ বৰ্ষত "লুইতপৰীয়া সাধু" আৰু ২০২৩ বৰ্ষত "বুঢ়ী আইতাৰ দেশ"ত কৰা সাৱলীল অভিনয়ে অঞ্চলবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ছাত্ৰজনৰ এই আকস্মিক মৃত্যুয়ে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে।

Also Read: মাজুলীত আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি

bokakhat