/asomiyapratidin/media/media_files/2025/03/27/FMsc3B3WTUkgbRgwQhH3.jpg)
ডিজিটেল ডেস্কঃ সাহিত্য একাডেমীৰ দ্বাৰা প্ৰকাশিত আৰু হিন্দী ভাষাৰ বিশিষ্ট সাহিত্যিক বলৰাম প্ৰেম নাৰায়ণৰ দ্বাৰা সম্পাগিত জাৰ্নেল 'সমকালীন ভাৰতীয় সাহিত্য'ৰ বাবে নিৰ্বাচিত হৈছে শিৱসাগৰৰ কবি অভিজিত গগৈৰ কবিতা।
তেওঁৰ কবিতা হিন্দীলৈ অনুবাদ কৰিছে বিশিষ্ট অনুবাদক দিনকৰ কুমাৰ আৰু কবি, অনুবাদক কবিতা কৰ্মকাৰে। যোৱা ছটা দশকতকৈ অধিক সময় ধৰি দেশৰ মুঠ ২৩ টা স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় ভাষাৰ উৎকৃষ্ট সাহিত্য এই জাৰ্নেলত প্ৰকাশ পাই আহিছে।
ইতিপূৰ্বে ইংৰাজী সাহিত্যৰ প্ৰখ্যাত কবি, গৱেষক সুকৃতা পল কুমাৰৰ দ্বাৰা সম্পাদিত জাৰ্নেল ইণ্ডিয়ান লিটাৰেছাৰতো অভিজিত গগৈৰ কবিতা অন্তৰ্ভুক্ত হৈছে। উল্লেখ্য যে গগৈৰ কবিতা বড়ো, হিন্দী আৰু ইংৰাজীলৈ ভাষালৈয়ো অনুদিত হোৱাৰ সমান্তৰালকৈ ওড়িয়া ভাষালৈ অনুবাদৰ কাম চলি আছে বুলি জানিব পৰা গৈছে।
সমকালীন ভাৰতীয় সাহিত্যৰ বাবে নিৰ্বাচিত হোৱা কবিতা দুটা
ঘৰ,চোতাল আৰু গছৰ কাহিনী
পুৱাৰ কথা
বৰ কোবেৰে এজাক বতাহ বলিছে
বাৰীত থকা গছৰ ডালবোৰ হাউলিছে
এখিলা-দুখিলাকৈ পাতবোৰ সৰিছে
কিছু সময়ৰ পাছত গোটেই চোতালখনতেই
পাত আৰু পাত
ঘৰৰ ভিতৰৰ পৰা মালিকে চিঞৰিছে-
বতাহ বলিছে
ভালেই হৈছে
বাঢ়নি মাৰি পাতবোৰ এটা চুকত থৈ দিবি
সন্ধিয়া জ্বলাই
আমি জাৰ পলুৱাব লাগিব
মই ক'লোঁ- ঠিক আছে মালিক
হাতত থকা বাঢ়নিটাৰেৰে পুনৰ সাৰিবলৈ আৰম্ভ কৰিছোঁ
গছবোৰলৈ চাইছোঁ
কিজানি নতুনকৈ পাত সৰিছেই
হাতৰ মুঠি
মুঠি হৈ থাকিল
পাতৰ দ'ম লাগি কেতিয়ানো
এটা ডাঙৰ ঘৰ হ'ল
টলকিবই নোৱাৰিলোঁ
বেলি পৰি সাজ লাগিছে
মালিক হাজিৰ
হতবাক
আৰু ক'লে-
ইমান ডাঙৰ পাতৰ ঘৰ
কেতিয়াও দেখা নাছিলোঁ
ভাল কাম এটা হ'ল
(খন্তেক ভবাৰ পাছত)
আৰ্হি হিচাবে
ঘৰটো থাকক
এনেকৈয়ে...
আজিকালি মালিকে
পুৰণি ঘৰটো বাদ দি
নতুন পাতৰ ঘৰটোত শুবলৈ লৈছে
সপোনতে
পাতবোৰ চুই কয়-
গছপাতৰ সংগ
সুলভ
তথাপি
সলনি হয় ভিতি...
মোৰহে কামৰ বোজা বাঢ়িছে
ৰাতি চকীদাৰী কৰি
টোপনি ক্ষতি হৈছে
উপায় নাই
আকালৰ ভাত
বিপদৰ মাত
শিপাই আছে বুকুজুৰি ...।