দেৰগাঁৱত সমূহীয়াকৈ বিয়াত বহিল ২০ যোৰা দৰা-কইনা...

দেৰগাঁৱত সম্পন্ন হৈছে এখন বিশেষ বিয়া । বিয়াখন ৰভাৰ তলিত নহয়, একেটা হৰিমন্দিৰত একেলগে বিয়াত বহিল ২০ যোৰ দৰা কইনাই
দেৰগাঁৱত সমূহীয়াকৈ বিয়াত বহিল ২০ যোৰা দৰা-কইনা...

ডিজিটেল সংবাদ, গোলাঘাটঃ দেৰগাঁৱত সম্পন্ন হৈছে এখন বিশেষ বিয়া । বিয়াখন ৰভাৰ তলিত নহয়, একেটা হৰিমন্দিৰত একেলগে বিয়াত বহিল ২০ যোৰ দৰা কইনাই।

গোলাঘাটৰ নেঘেৰিটিং গাঁও বৰনামঘৰত অনুষ্ঠিত কৰিছে এই বিশেষ সমূহীয়া বিয়াখন । সতী সাধনী মহিলা সমিতি উদ্যোগত আৰু এক শৰণ ভাগৱতী সমাজ নেঘেৰিটিং শাখা সমিতিৰ সৌজন্যত অনুষ্ঠিত কৰা হৈছে সামূহিক বিবাহ কাৰ্যসূচী ।

আৰ্থিক অভাৱ আৰু বিভিন্ন কাৰণবশত বিবাহ কৰিব নোৱাৰা সকলক এই সমূহীয়াকৈ অনুষ্ঠিত কৰা হ’ল বিবাহ । হৰি নামঘৰত একশৰণ ভাগৱতী সমাজৰ নীতি নিয়ম অনুসৰি বিবাহ কৰাই দিয়ে উদ্যোক্তাসকলে ।

বিয়া চাবলৈ হৰিনামঘৰৰ প্ৰাংগনত উপস্থিত হ'ল আত্মীয়, কুটুমকে ধৰি হাজাৰ-হাজাৰ লোক । মুঠতে সকলোকে সাক্ষী কৰি সোমবাৰৰ পৰা ২০ গৰাকী দৰা-কইনাই সামাজিকভাৱে যুগ্ম জীৱন আৰম্ভ কৰিলে নেঘেৰিটিঙৰ এই বিশেষ বিবাহথলীৰ পৰা ।

লগতে উপস্থিত ৰাইজে প্ৰতিযোৰা দৰা কইনাৰ যুগ্ম জীৱন সফল হোৱাৰ শুভেচ্ছাৰে উপচাই পেলাই ।

দেৰগাঁৱত সমূহীয়াকৈ বিয়াত বহিল ২০ যোৰা দৰা-কইনা...
মায়াঙত বিশ্রাম ঘৰৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in