/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/927f80c7-317a-4908-b543-467903bfefa6/22.jpg)
ডিজিটেল সংবাদ,গোলাঘাট: গোলাঘাটত হৰেকৃষ্ণ নামহট্ট সংঘৰ উদ্যোগত আজিৰে পৰা ১৫ জুলাইলৈ শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা অনুষ্ঠিত হৈছে। পুৱা ৮ বজাত উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি সমীৰন দিগন্ত বৰাই।৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰে নামহট্ৰ অসমৰ প্ৰচাৰক পুন্দৰি কাক্ষ শ্যাম দাসে। তাৰ পাছত হৰিনাম কীৰ্তন আৰু ভোগ আৰতি সম্পন্ন হয়।
বিয়লি ৩ বজাত বিশিষ্ট সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে ৰথ যাত্ৰা শুভ উদ্বোধন কৰে।শুভ উদ্বোধন কৰাৰ পাছতে আৰম্ভ হয় পবিত্ৰ ৰথ যাত্ৰা ।এই ৰথযাত্ৰাত গোলাঘাটৰ লগতে অসমৰ বিভিন্ন জিলাৰ হাজাৰ হাজৰ ভক্তই অংশ লয় ।অভাৱনীয় ভাৱে ভক্তৰ সমাগত প্ৰভূ জগন্নাথ নিজ গৃহৰ পৰা মাহিৰ ঘৰলৈ পবিত্ৰ ৰথত আহে ।প্ৰভূ জগন্নাথক প্ৰত্যক্ষ কৰাৰ লগতে নৈবেদ্যৰে সেৱা ধৰি আগুৱাই আনে ভক্ত সকলে ।
উল্লেখযোগ্য যে ৮ জুলাইৰ পৰা ১৪ জুলাইলৈ গোলাঘাটৰ সুভাষ কলনীত চলিব মহা নাম কীৰ্তন ।১৫ জুলাইত অনুষ্ঠিত হব ওভতনি যাত্ৰা।বেঙেনাখোৱা সুভাষ কলনিৰ বিবেকানন্দ সংঘ মন্দীৰৰ পৰা ধ্ৰুৱ নগৰলৈ যাব ওভতনি যাত্ৰা।