ৰঙাগৰা-গেলাবিল দলঙৰ তলত আবদ্ধ আবৰ্জনাঃ বিভাগীয় বিষয়ালৈ স্মাৰক পত্ৰ...

প্ৰতি বছৰে বান পানীৰ পাছত পূৰ্বৰ কাঠৰ দলংখনৰ পৰিত্যক্ত কাঠৰ খুটাবোৰত আবদ্ধ হোৱা আবৰ্জনাৰ দুৰ্গন্ধৰ বাবে জীয়াতু ভুগিব লগীয়া হয় পথচাৰীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বোকাখাতঃ   বোকাখাত বিধান সভা সমষ্টিৰ ৰঙামাটি মৌজাৰ অন্তৰ্গত ৰঙাগড়া -গেলাবিল পকী দলঙৰ আশে-পাশে অঞ্চলটোত দুৰ্গন্ধময় পৰিৱেশে তীব্ৰ অস্বস্তিত পেলাইছে স্থানীয় ৰাইজক।

ৰঙাগৰা ঘাটৰ গেলাবিল নদীৰ ওপৰত থকা এই পকী দলংখনৰ লগতে থকা পূৰ্বৰ কাঠৰ দলংখনৰ পৰিত্যক্ত কাঠৰ খুটাবোৰত আবদ্ধ হৈ থকা আবৰ্জনা আৰু সেই আবৰ্জনাৰ লগতে বিগত বানপানীৰ সময়ত নদীত উটি অহা জীৱ-জন্তুৰ গলিত মৰাশৰ দুৰ্গন্ধই প্ৰদূষিত কৰি তুলিছে পৰিৱেশ। ফলত ভীষণ অসুবিধাৰ মাজেৰে দলংখনৰ ওপৰেদি যাতায়ত কৰিব লগীয়া হৈছে ৰাইজে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি প্ৰতি বছৰে বান পানীৰ পাছত পূৰ্বৰ কাঠৰ দলংখনৰ পৰিত্যক্ত কাঠৰ খুটাবোৰত আবদ্ধ হোৱা আবৰ্জনাৰ দুৰ্গন্ধৰ বাবে জীয়াতু ভুগিব লগীয়া হয় পথচাৰীয়ে। এই ক্ষেত্ৰত আবৰ্জনাবোৰ পৰিষ্কাৰ কৰা বা পূৰ্বৰ কাঠৰ দলংখনৰ পৰিত্যক্ত খুটাবোৰ উঠাই পেলোৱাৰ ক্ষেত্ৰত কাণসাৰ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। 

উল্লেখ্য যে পূৰ্বৰ কাঠৰ দলংখনৰ পৰিত্যক্ত খুটাবোৰ আঁতৰাই পকী দলংখনৰ তলেৰে গেলাবিল নদীয়েদি আবৰ্জনাবোৰ অনায়সে প্ৰবাহিত কৰাৰ ব্যৱস্থা কৰিলেই প্ৰতিবছৰৰ বানপানীৰ পাছৰ দুৰ্গন্ধময় পৰিৱেশৰ পৰা মুক্ত হ'ব অঞ্চলবাসী ।

কিন্তু প্ৰতিবছৰেই ৰাইজৰ অভিযোগৰ পাছতো চৰম উদাসীনতা প্ৰদৰ্শন কৰি অহাত শনিবাৰে জীপাল কৃষক সংঘই কাৰ্যবাহী অভিযন্তা, লোক নিৰ্মাণ (পথ বিভাগ), খণ্ড উন্নয়ণ বিষয়া, পশ্চিম খণ্ড উন্নয়ণ কাৰ্যালয়লৈ পৃথকে পৃথকে কেইবাটাও দাবী সম্বলিত আৰু মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহ ,সম্পাদক জেহিৰুদ্দিন আহমেদ, সাংগঠনিক সম্পাদক পবিত্ৰ টাইদ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। 

সংগঠনটোয়ে স্মাৰক পত্ৰখনত অনতিবিলম্বে আজিৰে পৰা এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ ৰূপে ৰঙাগড়া -গেলাবিল দলঙত লাগি থকা প্ৰদূষিত সমূদায় আৱৰ্জনা পৰিস্কাৰ কৰা, ৰঙাগড়া -গেলাবিল পকী দলঙৰ গাতে লাগি থকা পুৰণা পৰিত্যক্ত কাঠৰ দলঙখন এমাহৰ ভিতৰত উঠাই নিয়াৰ ব্যৱস্থা কৰাকে আদি কৰি কেইবাটাও দাবী সন্নিৱিষ্ট কৰি বিভাগীয় গাফিলতিৰ বাবে এনেদৰে আৰু কোনোকালেই যাতে সৰ্বসাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিব লগা নহয় তাৰ বাবে সকীয়াই দিয়ে। 

আনহাতে এই দাবী আওকাণ কৰি জনসাধাৰণক অস্বস্তিত পেলাই ৰাখিলে শীঘ্ৰেই সংগঠণটোয়ে প্ৰতিবাদী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও উল্লেখ কৰে স্মাৰক পত্ৰখনত।

বোকাখাত