সংস্কাৰ ভাৰতীৰ গোলাঘাট জিলা সমিটি গঠন

অসম উত্তৰ প্ৰান্তৰ মহামন্ত্ৰী ড° আলক্ষ বৰুৱাই সংগঠনটোৰ কায্যপ্ৰণালী তথা লক্ষ উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰে ৷ সভাত উপস্থিত থাকি বোকাখাট শংকৰদেৱ শিশুনিকেতনৰ উপাচাৰ্য দিপক গোশ্বামীয়ে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায় ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গোলাঘাটঃ  সামাজিক সংগঠন সংস্কাৰ ভাৰতীৰ গোলাঘাট জিলা সমিটিখন আজি দেৰগাঁৱৰ ঝুমকা কলাকেন্দ্ৰৰ দেৰগাঁও শাখা গঠন কৰা হয় ৷ এই উদ্দেশ্যে অনুষ্ঠিত সভাৰ আতঁধৰে শ্ৰীময়ী বৰাই সভাখনৰ সভাপতিত্ব কৰে সত্ৰীয়া সাধক সদা হাজৰিকাই ৷

সভাত উপস্থিত থকা অসম উত্তৰ প্ৰান্তৰ মহামন্ত্ৰী ড° আলক্ষ বৰুৱাই সংগঠনটোৰ কায্যপ্ৰণালী তথা লক্ষ উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰে ৷ সভাত উপস্থিত থাকি বোকাখাট শংকৰদেৱ শিশুনিকেতনৰ উপাচাৰ্য দিপক গোশ্বামীয়ে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায় ৷ 

সভাত উপসভাপতি পৱন শইকীয়া আৰু কাকলি বৰুৱা  উপদেষ্টা ক্ৰমে বীৰেন বৰা আৰু দিপক গোশ্বামী, অধ্যক্ষ  সদা হাজৰিকা মহামন্ত্ৰী শ্ৰীময়ী বৰা,মন্ত্ৰী শ্যামল পাঠক আৰু গোবিন্দ দত্ত , সহ মন্ত্ৰী নিলোৎপল বৰা , প্ৰচাৰৰ বাবে প্ৰকাশ শৰ্মা আৰু মৃদুস্মন্ত বৰুৱা;সাহিত্যত লক্ষ্মীপ্ৰীয়া বৰা ; বিত্তবিভাগত কমলাক্ষী শইকীয়া , পৰিস্মিতা বৰা আৰু প্ৰয়াসী হাজৰিকাক লৈ গঠনকৰা সমিটিখনত সভাপতিয়ে অনুমোদন জনায় ৷

গোলাঘাট