সংগীত সৌৰভ মন্টু কৰ্মকাৰৰ মৃত্যু বাৰ্ষিকীত সস্বৰ্ধনা প্ৰবীন সংগীতজ্ঞ জয়ন্ত হাজৰিকা বঁটা প্ৰাপক মানিক বৰাক...

অসমৰ এগৰাকী প্ৰবীন সঙ্গীতজ্ঞ তথা ৰাজ্য চৰকাৰৰ জয়ন্ত হাজৰিকা চলচ্চিত্ৰ বটাঁ প্ৰাপক মানিক বৰাক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি সঙ্গীতজ্ঞ মানিক বৰাই সকলোকে ধন্যবাদ জনোৱাৰ লগতে এই সন্মানে তেখেতক আৰু কাম কৰিবলৈ উৎসাহিত কৰিব বুলি মন্তব্য কৰে ।

author-image
Asomiya Pratidin
New Update
সংগীত সৌৰভ মন্টু কৰ্মকাৰৰ মৃত্যু বাৰ্ষিকীত সস্বৰ্ধনা প্ৰবীন সংগীতজ্ঞ জয়ন্ত হাজৰিকা বঁটা প্ৰাপক মানিক বৰাক...

ডিজিটেল সংবাদ, গোলাঘাটঃ ৰাজ্যখনৰ এক ঐতিহ্যমণ্ডিত অনুষ্ঠান গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ উদ্যোগত চচাইটিৰ প্ৰাক্তন সভাপতি তথা সংগীত সৌৰভ মন্টু কৰ্মকাৰৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী লগত সংগতি ৰাখি প্ৰবীন সংগীতজ্ঞ মানিক বৰাক সোমবাৰে ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় । চচাইটিৰ সভাপতি ডাঃ অজিত বৰুৱাৰ সভাপতিত্বত অনুস্থিত হোৱা সভাৰ আৰম্ভণিতে মন্টু কৰ্মকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জলনৰ কৰা হ’য় ৷ লগতে তেওঁৰ জীৱন আলোকপাত কৰে চচাইটিৰ প্ৰাক্তন উপ সভাপতি নবীন নাথে ।

Advertisment

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হ’য় ৷ অসমৰ এগৰাকী প্ৰবীন সঙ্গীতজ্ঞ তথা ৰাজ্য চৰকাৰৰ জয়ন্ত হাজৰিকা চলচ্চিত্ৰ বটাঁ প্ৰাপক মানিক বৰাক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি সঙ্গীতজ্ঞ মানিক বৰাই সকলোকে ধন্যবাদ জনোৱাৰ লগতে এই সন্মানে তেখেতক আৰু কাম কৰিবলৈ উৎসাহিত কৰিব বুলি মন্তব্য কৰে । চচাইটিৰ প্ৰাক্তন সভাপতি প্ৰয়াত মন্টু কৰ্মকাৰলৈ শ্ৰদ্ধা নিবেদন কৰি সভাপতি ডাঃ অজিত বৰুৱাই কয় যে সুদীৰ্ঘ তিনিকুৰি বছৰৰো অধিক সময় এমেচাৰ থিয়েটাৰ চচাইটিলৈ সেৱা আগবঢ়াইছিল সেই সম্পৰ্কত বক্তব্য আগবঢ়াই । লগতে তেওঁ সম্বৰ্ধিত ব্যক্তি মানিক বৰাৰ বেহেলা সুৰে কেনেদৰে সূদীৰ্ঘ সময় গোলাঘাটৰ সাংস্কৃতিক ক্ষেত্ৰখন মোহাচ্ছন্ন কৰি ৰাখিছে সেই সম্পৰ্কত বক্তব্য প্ৰদান কৰাৰ লগতে সঙ্গীতজ্ঞ গৰাকীৰ সু-স্বাস্থ্যৰ কামনা কৰে ।

সভাত বিশিষ্ট সমাজকৰ্মী প্ৰখ্যাত দুৱৰাৰ উপৰিও পৌৰপতি দুলুমনী বৰবৰা, চচাইটিৰ প্ৰাক্তন সভাপতি ৰবীন্দ্ৰ নাথ বৰুৱা , ডাঃ মানস ৰয় , বিশিষ্ট মহিলা বিজয় লক্ষী বৰুৱা, জয়া শইকীয়া আদি উপস্থিত আছিল । চচাইটিৰ সদস্য তথা সঙ্গীতজ্ঞ দ্বীপজ্যোতি দাসে আঁত ধৰা সভা খনত গোলাঘাটৰ বিভিন্ন অনুষ্ঠান আৰু দল সংগঠনে সঙ্গীতজ্ঞ গৰাকীক সম্বৰ্ধনা জনায় । এই সভাৰ অন্তত সঙ্গীত সৌৰভ মন্টু কৰ্মকাৰৰ সৃষ্টিৰ গীতৰ অনুষ্ঠানত গীত পৰিবেশন কৰে দীপজ্যোতি দাস , ৰহিমুদ্দিন আহমেদ , বাসৱ বৰবৰা , প্ৰদীপ সোনাৰ , মৃদুল কাকতি , মনিকা ৰয় , তনয়া শৰ্মা ,ৰাহুল বৰা আৰু সঞ্জয় চলিহাই ।

Also Read: ৰাজ্যিক প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰা দিব্যাংগ খেলুৱৈক সম্বৰ্ধনা...