গোলাঘাটৰ নুমলীগড়ত উৎখাত টেলচুৰি চক্ৰ, আটক ট্ৰেংকাৰসহ চালক, চাওক VIDEO

গোলাঘাটৰ নুমলীগড়ত উৎখাত টেলচুৰি চক্ৰ, আটক ট্ৰেংকাৰসহ চালক, চাওক VIDEO

author-image
asomiyapratidin
New Update
গোলাঘাটৰ নুমলীগড়ত উৎখাত টেলচুৰি চক্ৰ, আটক ট্ৰেংকাৰসহ চালক, চাওক VIDEO

ডিজিটেল সংবাদ, গোলাঘাটঃ নুমলীগড়ৰ ৩৯নং ৰাষ্ট্রীয় ঘাইপথৰ দৈগ্ৰোঙ পাটকতিয়া অঞ্চলত আৰক্ষীয়ে অভিযান চলাই জ্যোতি গগৈ নামৰ এজন লোকৰ ঘৰত বৃহৎ পৰিমাণৰ চোৰাং তেলৰ লগতে ইলেকট্ৰনিক মটৰ আৰু পাইপ জব্দ কৰে। লগতে ট্ৰেংকাৰসহ চালকক আটক কৰে যদিও আন্ধাৰৰ সুযোগ লৈ জ্যোতি গগৈ পলায়ন কৰে।

Advertisment

আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও স্থানীয় ৰাইজৰ অভিযোগ নুমলীগড় শোধনাগাৰক কেন্দ্ৰ কৰি একাংশ লোকে দীৰ্ঘদিনৰ পৰাই গোলাঘাট আৰক্ষী আৰু নুমলীগড় আৰক্ষীৰ পৃষ্ঠপোষকতাত এনেদৰে চলাই আহিছে অবৈধ চোৰাং তেলৰ ৰমৰমীয়া বেহা।

ইফালে নুমলীগড়ৰ তেলগৰম, বাইপাচ আদি অঞ্চলত এতিয়াও চলি আছে চোৰাং তেলৰ বেহা। নুমলীগড় শোধনাগাৰলৈ অহা একাংশ টেংকাৰে দৈনিক হাজাৰ হাজাৰ তেল আৰু ক্ৰুদ অইল বিক্ৰী কৰি আহিছে।

ইফালে কিছু কিছু লোকে আৰক্ষীক মেনেজ কৰি টেংকাৰে তেল চুৰি কৰি আহিছে বুলি অভিযোগ কৰিছে স্থানীয় লোক সকলে। গোলাঘাট আৰু নুমলীগড় আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কিদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হব ।