/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/772454ad-35a1-4792-83a2-8be42db96515.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ কাজিৰঙা কাৰ্বি আংলং ইণ্টাংকি হস্তী প্রকল্পত একাংশ শিল মাফিয়াৰ দপদপনি অব্যাহত আছে। একাংশ দুষ্ট চক্ৰই বন বিভাগ, জিলা প্ৰশাসন আৰু আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অবাধে চলাইছে শিল আহৰণ। ২০০৫ চনতে কেন্দ্ৰীয় চৰকাৰে ঘোষনা কৰা এই হস্তী প্ৰকল্পটোত চাৰিওফালে ক্ৰেচাৰ মেচিনে দিনে নিশাই শিল আহৰণ দৃশ্য এতিয়া। আৰু শনিবাৰে এই হস্তী প্রকল্পত পৰ্যবেক্ষনৰ বাবে উপস্হিত হ'ল সুদুৰ ছুইজাৰলেণ্ডৰ পৰিবেশ কৰ্মী, নিৱন্ধকাৰ তথা তথ্য চিত্ৰ নিৰ্মাতা ব্ৰিজ্জিট আত্তাৰ কৰ্নেঝকিৰ।
হস্তী আৰু মানুহৰ সংঘাতৰ পৰিস্থিতি অধ্যয়ন কৰিবলৈ আহি হতভম্ব হ'ল বিদেশী পৰিবেশকৰ্মী গৰাকী। মুকলিকৈ শিল মাফিয়াৰ দৌৰাত্ম্য দেখি চৰকাৰৰ তথা প্ৰশাসনৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিলে তেওঁ। ইফালে হস্তী প্রকল্পত দীৰ্ঘদিন ধৰি চলি অহা এই শিল আহৰণৰ চৰজমিন নিৰিক্ষণ কৰিবলৈ যোৱা বিদেশী পৰ্য্টক গৰাকীক সংগ দিছিল গোলাঘাটৰ বিশিষ্ট প্ৰকৃতি প্ৰেমী অপূৰ্ব বল্লভ গোস্বামীয়ে। শেহতীয়াকৈ এই অবৈধ ভাৱে শিল আহৰণৰ ঘটনাৰ বাবে গোস্বামীয়ে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ কাষ চাপিছিল। ইফালে এতিয়ালৈকে শিল মাফিয়াৰ বিৰুদ্ধে কোনো ব্যবস্থা গ্ৰহণ নকৰাত চৰকাৰৰ ভুমিকাক লৈয়ো সৰব অপূৰ্ব বল্লভ গোস্বামী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/41328411-874d-4fcd-a9a8-3f8ac0350f2a.jpg)
গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাইছে হস্তী আৰু মানুহৰ সংঘাত। সুদুৰ ছুইজাৰলেণ্ডৰ পৰা অহা এই পৰিবেশ কৰ্মী গৰাকীয়ে হস্তী প্রকল্পত পৰ্যবেক্ষন কৰি বুজিবলৈ বাকী নাথাকিল যে কিয় বন্যহস্তী আৰু মানুহৰ সংঘাতে চুড়ান্ত ৰূপ লৈছে। ইয়াতকৈ আৰু লাজৰ বিষয়ে কি আছে যেতিয়া এগৰাকী বিদেশীয়ে চোকা সমালোচনা কৰিব লগীয়া হল চৰকাৰক। ইয়াৰ পিছতো এই অবৈধ শিল আহৰণ আৰু শিল মাফিয়াৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস হ'বনে।