/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/golaghat-2.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : হাতী-মানুহৰ সংঘাত জৰ্জৰ মৰঙিৰ কেইবা শতাধিক কৃষকে বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত একত্ৰিত হৈ প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰি তোলে মৰঙি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ ৷ গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙি মৌজা বন্যহস্তীৰ ৰম্যভূমিলৈ পৰিণত হৈছে। দিনে নিশাই বন্যহস্তীৰ উপদ্ৰৱ আৰু হস্তী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে।
কেতিয়াবা যদি হাতী-মানুহৰ সংঘাতত মানুহ মৃত্যুৰ মুখত পৰিছে, কেতিয়াবা হাতী মৰিছে আৰু বন্যহস্তীৰ উপদ্ৰৱৰ ফলত ৰাইজৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ নষ্ট হৈছে। বন্যহস্তীৰ সন্ত্ৰাসত গৃহহীন হৈছে বহু পৰিয়াল আৰু এইবাৰ বন্যহস্তীৰ উপদ্ৰৱৰ কাৰণে সমগ্ৰ মৰঙি অঞ্চলটোত ২০ হাজাৰৰো অধিক বিঘা কৃষিভূমি কৃষকে বাধ্যত পৰি খেতি এৰিব লগাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ফলত বৃহত্তৰ মৰঙি অঞ্চলটোৰ হাজাৰ হাজাৰ কৃষক পৰিয়াল জীৱিকা হেৰুৱাই হাহাকাৰময় আৰু দুৰ্বিসহ জীৱন কটাব লগাৰ পৰিস্থিতি সৃষ্টি হৈছে।
মুঠতে এতিয়া নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ। ইমান ভয়ংকৰ পৰিস্থিতি হোৱাৰ পিছতো অসম চৰকাৰে, বিভাগীয় কতৃপক্ষই, জিলা প্ৰশাসন, জিলা বন বিভাগ আৰু স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে কোনো ক্ষতিপূৰণৰ ব্যৱস্থা, প্ৰয়োজনীয় বিজ্ঞানসন্মত ব্যৱস্থা লোৱা নাই যাৰ বাবে এতিয়া সমগ্ৰ মৰঙি অঞ্চলতেই নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হৈছে আৰু বন্যহস্তীৰ ৰম্যভূমিলৈ পৰিণত হৈছে বুলি মৰঙি অঞ্চলৰ সচেতন যুৱক তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পিন্টু গগৈয়ে সমবেত ৰাইজ আৰু সংবাদ মাধ্যমৰ আগত এনেদৰে কয়।
সেয়ে বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত বাধ্যত পৰি খেতি এৰিব লগা হোৱা বৃহত্তৰ মৰঙি মৌজাৰ প্ৰতিটো কৃষক পৰিয়ালক প্ৰতি বিঘা মাটিৰ বিনিময়ত ১৫ হাজাৰকৈ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা, বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত যিসকল দুৰ্ভগীয়া পৰিয়ালে ঘৰ হেৰুৱাইছে বা ঘৰৰ আচবাব আৰু ঘৰ ভাঙিছে প্ৰতিটো পৰিয়ালক শীঘ্ৰেই ক্ষতিপূৰণৰ ব্যৱস্থা কৰা,
বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত যিসমূহ পৰিয়ালে জীৱিকা হেৰুৱাইছে বিশেষকৈ সেই সকলৰ বাবে কৃষি বিভাগ, মীন বিভাগ আৰু পশুপালন বিভাগে বিশেষ আঁচনি গ্ৰহণ কৰি সৰ্বশ্ৰান্ত হেৰুৱা আৰু জীৱিকা হেৰুৱা মানুহখিনিক জীৱিকাৰ পথ তথা সংস্থাপনৰ ব্যৱস্থা কৰা, হাতী মানুহৰ সংঘাতৰ ফলত নিহত হোৱা ব্যক্তিৰ পৰিয়াল সমূহক ৫ লাখ টকা আৰু আহত হোৱা পৰিয়াল সমূহক ২ লাখ টকাকৈ তাৎক্ষণিকভাৱে ক্ষতিপূৰণ দিয়া আদি দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
আনহাতে হাতী-মানুহৰ সংঘাতৰ নিৰ্মূলৰ বাবেও পৰামৰ্শমূলক কিছুমান দাবীও উত্থাপন কৰে। তাৰ ভিতৰত
বন্যহস্তীৰ পৰম্পৰাগত কৰিডৰ( দণ্ডি) সমূহ বনবিভাগৰ দ্বাৰা চিনাক্ত কৰি নামফলকৰ ব্যৱস্থা কৰিব লাগে লগতে হাতীৰ দণ্ডিসমূহ সকলো সময়তে মুক্ত কৰি ৰাখি বাধাহীনভাৱে অহা যোৱা কৰাত সুবিধা হয় । হাতীৰ দণ্ডিবিলাকত সৌৰশক্তি চালিত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিবলৈও পৰামৰ্শ দিয়ে।
হাতীৰ সমস্যাৰ অন্যতম সমস্যা ৰূপে চিহ্নিত হোৱা চৰকাৰী ভূমিত যধে মধে গঢ়ি উঠা চাহ বাগিছা, বিভিন্ন প্ৰতিষ্ঠান আৰু উদ্যোগৰ ফলত আগতে যিসমূহ স্থানত জিৰণি লৈছিল বা বিচৰণ কৰিছিল সেই ঠাই সমূহ এতিয়া নোহোৱা হ'ল। গতিকে মৰঙি মৌজাটোৰ চৰকাৰী পতিত ভূমি, বিশেষকৈ চাহ বাহিচা সমূহৰ আ়শে পাশে হাতীৰ উপযোগী খাদ্য যেনে কলগছ, ডিমৰু, ঔটেঙা, বাঁহ, উদ্ভিদজাতীয় শস্য ৰোপণ কৰিব লাগে লগতে বনানিকৰণ কৰি তুলিবলৈ কয়। হাতীয়ে পানী খোৱাৰ আৰু অহা যোৱাত সুবিধা যাতে হয় তাৰ বাবে দৈগ্ৰোং আৰু কালিয়নি নৈৰ শিল বালি মহলৰ এলেকা নিৰ্দিষ্ট ঠাইত সীমাবদ্ধ ৰাখিব লাগে বুলি দাবী উত্থাপন কৰে ।
হাতী সংৰক্ষণ তথা এই সমস্যা নিয়ন্ত্ৰণৰ আঁচনিত চাহ বাগানৰ কতৃপক্ষক জড়িত কৰিবলৈ কয়, যিহেতু বৃহত্তৰ মৰঙি অঞ্চলত বহুকেইখন বৃহৎ চাহ বাগিচা আছে গতিকে প্ৰতিখন বৃহৎ বাগিচাতে আগতে থকাৰ দৰে ৩৩ শতাংশ ভূমিত চৰকাৰে বাধ্যতামূলকভাৱে মিশ্ৰিত বনানিকৰণ তথা বনাঞ্চল গঢ়ি তুলিব পৰাৰ থল আছে । নামবৰ দৈগ্ৰোং অভয়াৰণ্য, দেওপাহাৰ, বিজুলী বনাঞ্চলৰ সুৰক্ষা আৰু সংৰক্ষণ ব্যৱস্থা অতি শক্তিশালী কৰি বনধ্বংসৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব লাগে আৰু বিজুলী সংৰক্ষিত অভয়াৰণ্য বেদখল বন্ধ কৰি জনশূণ্য অঞ্চলত বৃক্ষৰোপন কৰিব লাগে। গোলাঘাট নগৰত থকা বনবিভাগৰ মুখ্য কাৰ্যালয়ৰ বাহিৰে বাকী সকলো নগৰত থকা বনবিভাগৰ সকলো কাৰ্যালয় বনাঞ্চলৰ সমীপৱৰ্তী স্থানলৈ স্থানান্তৰিত কৰিব লাগে।
আৰু হাতী মানুহৰ সংঘাতৰ পৰা জীৱন সম্প্ৰতি নিৰাপত্তা দিব পৰাকৈ বকিয়াল খণ্ড বন কাৰ্যালয় আৰু মুৰফুলনি বন কাৰ্যালয়ত বনৰক্ষীৰ সংখ্যা বৃদ্ধি কৰি প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰৰ যোগান ধৰিব লাগে। লগতে হাতীৰ অতি স্পৰ্শকাতৰ গাঁওসমূহত বন বিভাগৰ শাখা কাৰ্যালয় স্থাপন কৰি ঠাইসমূহত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিব লাগে।
দিনৰ ভাগত জিৰণি লৈ থকা হাতীক বনকৰ্মীয়ে সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে কোনো উৎপতীয়া মানুহে সিহঁতক জোকাই প্ৰৰোচিত কৰিব নোৱাৰে যাৰ বাবে নিশাৰ ভাগলৈ সিহঁত সিংস্ৰ হৈ পৰে।
এই দিশত সহায় হোৱাকৈ বন আইনৰ কিছু সংশোধন আনিব লাগিব বুলিও কয়। দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ন্যায়ালয়ক সমস্যাৰ গুৰুত্ব উপলব্ধি কৰোৱাই মেলা চিকাৰৰ পুনৰ প্ৰৱৰ্তন কৰোৱাৰ ব্যৱস্থা কৰাব লাগে যাতে হাতীৰ বাধাহীন উন্মত্ততা নিয়ন্ত্ৰণত থাকে।
আনহাতে বকিয়াল খণ্ড বন বিষয়াৰ লগতে সমগ্ৰ গোলাঘাট জিলাৰ বন বিভাগ অবৈধ শিল, বালি, চোৰাং কাঠৰ কমিচন খোৱাত ব্যস্ত হৈ থাকে ৰাইজৰ সমস্যাৰ ওপৰত গুৰুত্ব নিদিয়ে বুলিও ৰাইজে অভিযোগ কৰে। কাৰ্যসূচীত অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বনমন্ত্ৰী, গোলাঘাট জিলাৰ উপায়ুক্ত, গোলাঘাট জিলাৰ বন বিভাগ, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, মৰঙি ৰাজহ চক্ৰ বিষয়াক পৃথকে পৃথকে স্মাৰক প্ৰদান কৰে।
২০ দিনৰ সময়সীমা বান্ধি দিয়া প্ৰতিবাদী ৰাইজে নিৰ্ধাৰিত সময়ত ৰাইজৰ দাবী সমূহ পূৰণ নকৰিলে সমগ্ৰ অঞ্চলটোৰ কৃষক, শ্ৰমিক ৰাইজ ওলাই আহি যিকোনো ধৰণৰ ভয়াবহ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে জনপ্ৰতিনিধি সকল জনৰোষৰ বলি হব বুলিও সকিয়াই দিয়ে প্ৰতিবাদী ৰাইজে।
মৰঙি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদৰ বিশাল প্ৰতিবাদী জনতাক উদ্দেশ্যি আজি বহুকেইজন সমাজকৰ্মী আৰু বিশিষ্ট ব্যক্তিয়ে কৃষকৰ সমস্যা আৰু হাতী-মানুহৰ সংঘাত আদি বিষয়ত আলোকপাত কৰি বক্তব্য ৰাখে৷সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক পিন্টু গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰঙি ৰাজহ চক্ৰ সমিতিৰ উপদেষ্টা পনচে সিং তামাং, সম্পাদক দীপক শইকীয়া, নাৰী সংগ্ৰামৰ নেত্ৰী মুন বৰা, ছাত্ৰ মুক্তিৰ মৰঙি আঞ্চলিক সমিতিৰ সভাপতি তপন দাস, যুটীয়া সম্পাদক সাগৰ তাঁতী, সহকাৰী সম্পাদক নৱজ্যোতি দাসকে আদি কৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে।