নৈশ বাছত যাত্রা কৰাৰ পূৰ্বে চাওক এই খবৰ, VIDEO

নৈশ বাছত যাত্রা কৰাৰ পূৰ্বে চাওক এই খবৰ, VIDEO

author-image
asomiyapratidin
New Update
নৈশ বাছত যাত্রা কৰাৰ পূৰ্বে চাওক এই খবৰ, VIDEO

প্ৰতিকী ফটো

ডিজিটেল সংবাদ, গোলাঘাটঃ চোৰে এইবাৰ সলনি কৰিছে চুৰি কৰাৰ কৌশল। আপোনাৰ ঘৰত অথবা অন্য স্থানত নহয়। স্বয়ং আপোনাৰ কাষতে বহি চোৰে লুটি নিব পাৰে আপোনাৰ লাগতিয়াল সামগ্ৰী। নৈশ বাছত যাত্ৰা কৰি চোৰে চুৰি কৰে যাত্ৰীৰ সামগ্ৰী। চোৰো মানে এলাপেচা চোৰ নহয় ডিজিটেল চোৰ।কাৰণ বাছ যাত্ৰীৰ লেপটপ চুৰিতহে চকু।

Advertisment

শেহতীয়াভাবে গোলাঘাট আৰক্ষীয়ে আজি দুটা এনে চোৰ গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। গোলাঘাট-গুৱাহাটীৰ মাজত চলা ৰত্নাগিৰী ট্ৰেভেলচত কিছুদিন ধৰি স‌ংঘটিত হৈ আহিছিল লেপটপ চুৰিৰ ঘটনা। যাত্ৰী সকলৰ কোনো লোকে লেপটপ নিলেই চকু পৰে চোৰৰ।

চোৰেও যাত্রা কৰে বাছত। লেপটপ বিক্ৰী কৰে গোলাঘাটৰ দোকানত। শনিবাৰে গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ বৰাই গোপন সুত্ৰৰ পম খেদি ৰাহুল দাস আৰু পুৰ্ণৱাচি গুপ্তাক গ্ৰেপ্তাৰ কৰাৰ লগতে লেপটপ বিক্ৰী কৰা দোকানখনৰ স্বত্বাধিকাৰী জনক সোধা-পোছাৰ বাবে আটক কৰিছে।

ৰাজ্যজুৰি এটা বৃহৎ চক্ৰ জড়িত হৈ আছে বুলি সন্দেহ প্ৰকাশ কৰি আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান। আৰক্ষীৰ জালত পৰিব পাৰে কেইবাজনো চোৰ।