আকৌ গোলাঘাটত জলপ্ৰলয়ৰ শংকা

ফটোঃ অসমীয়া প্ৰতিদিন
ফটোঃ অসমীয়া প্ৰতিদিন

ডিজিটেল ডেস্কঃ আকৌ গোলাঘাটত দৈয়াং নদীবান্ধে এৰি দিয়া অতিৰিক্ত পানীয়ে জলপ্ৰলয়ৰ সৃষ্টি কৰাৰ আশংকাত গোলাঘাটবাসী শংকিত হৈ পৰিছে।

গোলাঘাট জিলা প্ৰশাসনে ইতিমধ্যে মাইকযোগে ঘোষণা কৰিছে যে, প্ৰবল বৰষুণৰ বাবে দৈয়াং প্ৰকল্প উজনি আৰু নামনিত জলপৃষ্ঠ বৃদ্ধি পাইছে। সেয়েহে আজি আৱেলি ৪ বজাত পুনৰ নদীবান্ধৰ অতিৰিক্ত পানী এৰিব।

এই খবৰ গোলাঘাট জিলা প্ৰশাসনক জনাইছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পই। ই-মেইলযোগে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষৰ পৰা এই খবৰ লাভ কৰাৰ পাছতেই হাহাকাৰ লাগিছে গোলাঘাট জিলা কৰ্তৃপক্ষৰ। তাৰ পাছতেই মাইকযোগে সাম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি সতৰ্ক থাকিবলৈ প্ৰচাৰ চলায় গোলাঘাট প্ৰশাসনে।

ই-মেইলত নীপকোৰ কৰ্তৃপক্ষই লিখিছে যে প্ৰবল বৰষুণৰ ফলত প্ৰকল্পটোত উজনি-নামনিত পানীৰ পৰিমাণ দ্ৰুতহাৰত বৃদ্ধি পাইছে। সেয়েহে আজি বিয়লি ৪ বজাত দৈয়াং প্ৰকল্পই পানী এৰাৰ সিদ্ধান্ত লৈছে।

লগতে ই-মেইলটোত দৈয়াং আৰু ধনশিৰি নদীৰ নামনি অঞ্চলৰ ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। তেনে পৰিপেক্ষিতত যিকোনো মুহূৰ্ততে গোলাঘাট জিলাত পুনৰ জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in