ডিজিটেল ডেস্ক : আজি গোসাই বিহু । গোসাই বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানৰ সত্ৰ,নামঘৰ,বিষ্ণু মন্দিৰ আদিত নাম কীৰ্তনেৰে মুখৰিত হৈ পৰে । বৰপেটা, বটদ্ৰৱা,আঠখেলিয়া,ঢেকীয়াখোৱা,মধুপুৰ আৰু মাজুলীৰ সত্ৰ সমূহৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজহুৱা নামঘৰ সমূহত দিনজোৰা কাৰ্যসূচীৰে নাম-কীৰ্তন অনুষ্ঠিত হয় ।
আনহাতে নগাওঁ-মৰিগাওঁৰ সীমান্তবৰ্তী বগৰিগুৰিৰ প্ৰখ্যাত বিষ্ণু মন্দিৰতো স্থানীয় ৰাইজে নাম কীৰ্থন কৰি গোসাই বিহু উদযাপনৰ লগতে বছৰটোৰ বাবে ৰাজ্যখনত শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে ।