গহপুৰত গাড়ীৰ আইনা ভাঙি নগদ ২ লাখ ৫৫ হাজাৰ টকা লৈ যোৱা দুই গভাইত ডকাইতক গ্ৰেপ্তাৰ..

গহপুৰ নগৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ পথৰ কাষত ৰখাই থোৱা এখন  গাড়ীৰ আইনা ভাঙি যোৱা ১৭ নৱেম্বৰৰ দিন দুপৰতে নগদ ২ লাখ ৫৫ হাজাৰ লৈ যোৱা ঘটনাৰ লগত জড়িত দুই

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল সংবাদ, গহপুৰ: গহপুৰ নগৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ পথৰ কাষত ৰখাই থোৱা এখন  গাড়ীৰ আইনা ভাঙি যোৱা ১৭ নৱেম্বৰৰ দিন দুপৰতে নগদ ২ লাখ ৫৫ হাজাৰ লৈ যোৱা ঘটনাৰ লগত জড়িত দুই গভাইত ডকাইত অৱশেষত বিশ্বনাথ জিলা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে।

ধৃত ডকাইত দুটা হৈছে বিহাৰৰ কাটিহাৰ জিলাৰ কন্তা আৰক্ষী থানাৰ অন্তৰ্গত জুলাবগঞ্জ,মুছাপুৰ নায়াতলা গাঁৱৰ দিলীপ দাসৰ পুত্ৰ বিৰাজ দাস আৰু একে ঠাইৰে জিতেন্দ্ৰ গোৱালাৰ পুত্ৰ ৰিংকু গোৱালা।উল্লেখযোগ্য যে-গহপুৰ নগৰৰ পুৰূপবাৰীত থকা ভাৰত পেট্ৰলিয়াম তেল ডিপোটোৰ মুকেশ কুমাৰ (৩৫) নামৰ কৰ্মচাৰীজনে উক্ত দিনা তেল বিক্ৰীৰ নগদ ২ লাখ ৫৫ হাজাৰ টকা সমীপবৰ্তী ভাৰতীয় ষ্টেট বেংকৰ বালিজান শাখাত জমা থবলৈ বুলি আনিছিল।

কৰ্মচাৰী মুকেশ কুমাৰে বেংকত টকাখিনি জমা থোৱাৰ পূৰ্বে কিবা কামত গহপুৰ চক্ৰ বিষয়া কাৰ্য্যলয়লৈ গৈছিল।তেওঁ লৈ অহা এ এছ ০৭ ওৱাই ২৩০৬ নম্বৰৰ গ্ৰেণ্ড ভিটাৰা গাড়ীখন ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ পথৰ দাঁতিত ৰখাই চক্ৰ বিষয়াৰ কাৰ্য্যলয়লৈ গৈছিল তেওঁ।

তেতিয়া সময় দিনৰ প্ৰায় ২-১৫ বাজিছিল।চক্ৰ বিষয়া কাৰ্য্যলয়ত মাত্ৰ ১৫/২০ মিনিট কটাই উভতি আহি দেখে যে গাড়ীখনৰ চালকৰ আসনৰ দিশৰ দৰ্জাৰ আইনাখন ভঙা অৱস্থাত থকাৰ লগতে চালকৰ কাষৰ আসনত পলিথিনৰ এটা বেগত থকা নগদ ২ লাখ ৫৫ হাজাৰ টকা লৈ যায় কোনো দুস্কৃতিকাৰীয়ে।উক্ত ঘটনাৰ খৱৰ পোৱাৰ পিছতে গহপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে।

এইক্ষেত্ৰত বিশ্বনাথ জিলা আৰক্ষী আৰু গহপুৰ আৰক্ষীয়ে অব্যাহত ৰখা অনুসন্ধানৰ মাজতে যোৱা নিশা প্ৰায় ১-৩০ বজাত গোগামুখৰ পৰা গ্ৰেপ্তাৰ হয় উক্ত গাড়ীৰ আইনা ভাঙি নগদ ২ লাখ ৫৫ হাজাৰ টকা লৈ যোৱা ঘটনাৰে জড়িত দুই গভাইত ডকাইত।জানিব পৰামতে-বিহাৰৰ পৰা আহি অসমৰ বিভিন্ন প্ৰান্তত চুৰি আৰু ডকাইতিৰ দৰে বিভিন্ন দুস্কাৰ্য্যৰ লগত জড়িত হৈ এক প্ৰকাৰ সন্ত্ৰাস চলাই অহা বিৰাজ দাস আৰু ৰিংকু গোৱালাই গোগামুখত আন এক ডকাইতি কাণ্ড সংঘটিত কৰাৰ বাবে ৰছনা কৰা কৌশলৰ বিষয়ে বিশ্বনাথ জিলা আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছত বিশ্বনাথ জিলা আৰক্ষীয়ে এই বিষয়ে ধেমাজি আৰক্ষীৰ লগত যোগাযোগ স্থাপন কৰি চলোৱা কৌশলপূৰ্ণ অভিযানত দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা এখন স্কুটি জব্দ কৰাৰ লগতে গহপুৰত ডকাইতি কৰা ধন সহ   গাড়ীৰ গ্লাছ ভাঙিবলৈ ব্যৱহাৰ কৰা এক সামগ্ৰীও জব্দ কৰে।উক্ত স্কুটীখনৰে আহি তেওঁলোকে উক্ত গাড়ীৰ আইনা ভাঙি লৈ গৈছিল নগদ ধন।বিশ্বনাথ জিলা আৰক্ষীৰ এই সফল অভিযানক শলাগ লৈছে গহপুৰ বাসী ৰাইজে।ধৃত বিৰাজ দাস আৰু ৰিংকু গোৱালাৰ বিৰূদ্ধে যাবতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰি সম্প্ৰতি তেওঁলোকক গহপুৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে।

গহপুৰ গহপুৰ মহকুমা সাংবাদিক সন্থা