গহপুৰৰ মেইলবজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড

গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত মেইলবজাৰৰ তেলেনীত মঙলবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়

author-image
Asomiya Pratidin
New Update
গহপুৰৰ মেইলবজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল সংবাদ,গহপুৰঃ গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত মেইলবজাৰৰ তেলেনীত মঙলবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ।উক্ত অগ্নিকাণ্ডত গোবিন্দ প্ৰধান নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণ ৰূপে জুইত ভষ্মীভূত হয়।

Advertisment

বাসগৃহৰ উপৰিও গেৰেজত থকা এখন টাটা মেজিক বাহন,এখন স্কুটীৰ লগতে সকলো সা-সম্পত্তি,আচ বাব, নথিপত্ৰ আদি জুইত জাহ যায়।ক'ৰ পৰা কিদৰে জুইৰ সুত্ৰপাত হ'ল জানিব পৰা নাই যদিও বৈদুতিক চৰ্ট চাৰ্কিটৰ ফলতে উক্ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

একাংশ ৰাইজে টাটা মেজিক গাড়ীখনৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে। অগ্নি নিৰ্বাপক বাহিনীৰ লগত যোগাযোগ কৰা হৈছিল যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বেই সম্পূৰ্ণ ৰূপে জুইত ভষ্মিভূত হয় বাসগৃহ,গাড়ী, স্কুটী সকলো।

Also Read: আজি মুকলি হ'ব মালিগাঁও উৰণ সেতু...