গোগামুখত গনশক্তি দলৰ শ্ৰমিক অভিৱৰ্তনৰ আয়োজন

১ মে'ত আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষত এখন শ্ৰমিক অভিৱৰ্তন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে।

author-image
Asomiya Pratidin
New Update
গোগামুখত গনশক্তি দলৰ শ্ৰমিক অভিৱৰ্তনৰ আয়োজন

ডিজিটেল সংবাদ,ঢকুৱাখনা:  ৰাজ্যৰ প্ৰধান আঞ্চলিক দল "সন্মিলিত গনশক্তি অসম"ৰ উদ্যোগত, ভাতৃ সংগঠন "সন্মিলিত শ্ৰমিক শক্তি অসম"ৰ সহযোগত অহা ১ মে'ত আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষত এখন শ্ৰমিক অভিৱৰ্তন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ধেমাজি জিলাৰ গোগামুখৰ আবুটানি লত্তাত অনুষ্ঠিতব্য  এই শ্ৰমিক অভিবৰ্তনত শ্ৰমজীৱী শ্ৰমিক সকলৰ নাৰ্য প্ৰাপ্য অধিকাৰ সম্পৰ্কে সাৰ্বজনীন সজাগতা সৃষ্টি কৰি সুসংগঠিত আৰু সংঘবদ্ধ এক শ্ৰমিক সংগ্ৰাম গঢ়ি তোলাৰ লক্ষ্যৰে এই  শ্ৰমিক অভিৱৰ্তন অনুষ্ঠিত কৰা বুলি জানিবলৈ দিছে গনশক্তি অসম দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পুৰুষোত্তম দলেয়ে ।

Advertisment

বুধবাৰে এক বিবৃত্তিত দলেয়ে শ্ৰমিক আইন আৰু এই আইনে শ্ৰমিক সকলক প্ৰদান কৰা সাংবিধানিক সা সুবিধা তথা অধিকাৰ সন্দৰ্ভত শ্ৰমিক আৰু শ্ৰমিক সংগঠন সমূহক জ্ঞাত কৰিবলৈ এই অভিৱৰ্তনত "শ্ৰমিক আইন আৰু শ্রমিকৰ অধিকাৰ" শীর্ষক এখন মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হ'ব বুলি জনাইছে । আলোচনাচক্ৰত কেইবা গৰাকী শ্ৰমিক আইন বিশেষজ্ঞ , অভিজ্ঞ জ্যেষ্ঠ শ্ৰম বিশেষজ্ঞ,জ্যেষ্ঠ শ্ৰমিক নেতা আৰু শ্ৰম বিভাগৰ ন্যায়িক দিশৰ লগত জড়িত বিশেষজ্ঞ আদি ব্যক্তিয়ে অভিবৰ্তনত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰিব বুলি অৱগত কৰিছে।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ সন্মিলিত শ্ৰমিক শক্তি অসমৰ খণ্ড শক্তি সমূহৰ পৰা নূন্যতম ১০ গৰাকীকৈ প্ৰতিনিধি আৰু ধেমাজি জিলাৰ ১২ টা অগ্ৰণী শ্ৰমিক সংগঠনৰ  সমূহ কৰ্মকৰ্তাই সক্ৰিয় ভাবে অভিৱৰ্তনত অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দি শুভাকাংক্ষী ৰাইজ আৰু সংগঠন সমূহৰ উপস্থিতিৰে অভিৱৰ্তনখন সৰ্বতো প্ৰকাৰে সাফল্য মণ্ডিত কৰি তোলাৰ বাবে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দলেয়ে সকলোলৈকে আহ্বান জনাইছে।

Also Read: দুৰ্নীতি বন্ধ কৰিছো বাবে একাংশ লোক মোৰ ওপৰত ক্ষোভিতঃ মোডী